Bomb Blast In Pakistan : পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ;নিহত মহিলাসহ দুটি শিশু,আহত ১৬গৰাকী
নিউজ ডেস্ক,২৫আগষ্ট : পাকিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ৷ বোমা বিস্ফোৰণত নিহত এগৰাকী মহিলা, দুটি শিশু৷ আহত ৭গৰাকী আৰক্ষীসহ মুঠ ১৬গৰাকী লোক(Bomb Blast In Pakistan)৷
খবৰ অনুসৰি,দক্ষিণ-পশ্চিম পাকিস্তানৰ এটা আৰক্ষী কাৰ্যালয়ৰ সমীপত সংঘটিত হয় বোমা বিস্ফোৰণৰ ঘটনাটো ।এখন মটৰ চাইকেলত দুৰ্বৃত্তই সংস্থাপন কৰিছিল বোমা ।
স্থানীয় আইন প্ৰয়োগকাৰী বিষয়াই ৰয়টাৰ সংবাদ সংস্থাক জনোৱা অনুসৰি, শনিবাৰে পিছিন জিলাত মটৰ চাইকেলত দুৰ্বৃত্তই সংস্থাপন কৰিছিল ৰিম’ট কণ্ট্ৰ’ল বোমা । এই বোমা বিস্ফোৰণ ফলত নিহত এগৰাকী মহিলা, দুটি শিশু৷ আহত ৭গৰাকী আৰক্ষীসহ মুঠ ১৬গৰাকীকৈ লোক(Two children killed in bomb blast in southwest Pakistan)।
ডন নিউজে প্ৰকাশ কৰা অনুসৰি এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই যদিও আক্ৰমণ সংঘটিত হোৱা অঞ্চলটোত পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগ (চিটিডি) আৰু বোমা নিষ্কাশন স্কোয়াডক মোতায়েন কৰা হৈছে(Two children and a woman killed in blast in Pakistan’s unruly Balochistan province)।
প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এই আক্ৰমণৰ ঘটনাত নিহত আৰু আহত হোৱা লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰে।
লগতে পঢ়ক : Youth Attacked by Armed Miscreants : বঙাইগাঁৱৰ অ’ল্ড কলনীত পিষ্টলধাৰী ৬ জনীয়া দুৰ্বৃত্তৰ দলৰ তাণ্ডৱ