Two Child death in Dhubri : পানীত পৰি সলিল সমাধি দুই শিশুৰ

নিউজ ডেস্ক,১৫জুলাই : ধুবুৰীত গৌৰীপুৰত শোকাৱহ ঘটনা। সোমবাৰে গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডাঙিৰচৰ ঝালেৰ আলগা গাঁৱত পানীত পৰি সলিল সমাধি দুই শিশুৰ। জীৱন্তে উদ্ধাৰ আন এটি শিশু । মৃত শিশু দুটিৰ নাম আবু ছায়েদ (৬) আৰু ছুলতানা পাৰবিন (৮) বুলি জানিব পৰা গৈছে(Two Child death in Dhubri) ।
জানিব পৰা মতে, মৃত শিশু দুটিৰ এটি শিশু প্ৰথমে পানী পৰিছিল। তেওঁক বচাবলৈ গৈ আন দুটি শিশুৱে পানীত জাঁপ দিয়ে। তাৰ পিছতে সন্ধানহীন হৈ পৰে তিনিওটা শিশু।
এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হয় এটি শিশুক জীৱন্তে উদ্ধাৰ কৰাৰ লগতে আন দুটা শিশুক মৃত অৱস্থাত উদ্ধাৰ কৰে। জীৱন্তে উদ্ধাৰ কৰা শিশুটিক ডিএমচিএইচত ভৰ্তি কৰোৱা হয়।
ইফালে মৃত শিশু দুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে(Two Child death in Dhubri)।