Local, Vocal, Global

Two Brothers Killed In Bike Crash In Goa : পুত্ৰৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি আত্মহনন পিতৃৰ

নিউজ ডেস্ক,১৫ এপ্ৰিল : পুত্ৰৰ মৃত্যুৰ খবৰ সহ্য কৰিব নোৱাৰি আত্মহনন পিতৃৰ । তিতাবৰত সংঘটিত হৈছে এক মৰ্মান্তিক দুৰ্ঘটনা ।

পহিলা ব’হাগৰ দিনাই গোৱাত সংঘটিত হৈছিল এক বাইক দুৰ্ঘটনা । এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল তিতাবৰৰ দুই যুৱকৰ। দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক দুজন অচ্যুৎ ৰঞ্জন গগৈ আৰু পাপু গগৈ । পুত্ৰৰ মৃত্যুৰ বাতৰি সহ্য কৰিব নোৱাৰিলে পিতৃয়ে(Two Brothers Killed In Bike Crash In Goa)।

পুত্ৰ ভতিজাকৰ মৃত্যুক সহিব নোৱাৰি দেওবাৰে নিশা পিতৃ অনিল গগৈয়ে ঘৰৰ পিছফালে চিপজৰী লৈ আত্মহনন কৰে।।

ঘটনা অনুসৰি, দেওবাৰে আবেলি কৰ্মস্থলীৰ পৰা নিজৰ থকা ঠাইলৈ দুয়ো মটৰ চাইকেলেৰে উভতি আহোঁতে পথৰ মাজতে সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। পথ দুৰ্ঘটনাটোত থিতাতে দুয়ো মৃত্যুক আঁকোৱালি ল’ব লগা হয়। পুত্ৰ আৰু ভতিজাৰ মৃত্যুৰ খবৰ পায় পুত্ৰশোক সহিব নোৱাৰি পাপু গগৈৰ পিতৃ অনিল গগৈয়ে নিশা প্ৰায় ৮ মান বজাত চৰম পন্থাক আঁকোৱালি লয়।

এফালে পুত্ৰ আৰু ভতিজাৰ পথ দুৰ্ঘটনাত মৃত্যু, আনফালে পাপু গগৈ পিতৃৰ চৰম পন্থা। একেটা পৰিয়ালৰ তিনিজনকৈ লোক মৃত্যুত এতিয়া অঞ্চলজুৰি এক শোকাকুল পৰিৱেশ(Two Brothers Killed In Bike Crash In Goa; Father Takes His Own Life)।

লগতে পঢ়ক : Wild buffalo attack : বনৰীয়া ম’হৰ আক্রমণত নিহত বনকৰ্মী