Two brothers found dead with throats slit in Tangla: স্কুলৰ ইউনিফৰ্ম পিন্ধি থকা অৱস্থাত উদ্ধাৰ দুই ভাতৃৰ মৃতদেহ
নিউজ ডেস্ক,২১ডিচেম্বৰ : ওদালগুৰিৰ টংলাত নিৰুদ্দিষ্ট দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ। স্কুলৰ ইউনিফৰ্ম পিন্ধি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ দুটা। ডিঙি কটা অৱস্থাত উদ্ধাৰ ছাত্ৰ দুজনৰ মৃতদেহ।
শুকুৰবাৰে বিদ্যালয়লৈ গৈ নিখোজ হৈছিল ছাত্ৰ দুজন।ছাত্ৰ দুজনৰ নিৰুদ্দেশ পিছতে টংলা অঞ্চলত সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্য(Two brothers found dead with throats slit in Tangla)।
নিৰুদ্দেশ ছাত্ৰ দুজন ক্ৰমে টংলা কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা।গৌৰৱ শৰ্মাৰ বয়স ১২ বছৰ আৰু কৌশিক শৰ্মাৰ ১৪ বছৰ বয়স। টংলাৰ যোৰপুখুৰীৰ মহেন্দ্ৰ শৰ্মা আৰু গীতা শৰ্মাৰ পুত্ৰ দুয়ো ছাত্ৰ।শিশু দুটিৰ পিতৃ মহেন্দ্ৰ শৰ্মা পেছাত এগৰাকী গাড়ী চালক।শুকুৰবাৰৰ দুয়ো ছাত্ৰ নিৰুদ্দিষ্ট হোৱাৰ পাছত দুয়োকে বিচাৰি অভিযান চলাইছিল যদিও কোনো সম্ভেদ পোৱা নাছিল।
আজি টংলাৰ সস্তপাৰাত দুয়ো ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয়। সন্দেহ কৰা অনুসৰি কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গৈছে। দুয়োগৰাকী ছাত্ৰৰে মৃতদেহ ডিঙি কাটি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে।দুয়োগৰাকী ছাত্ৰৰ মৃতদেহ যি স্থানত উদ্ধাৰ হৈছে তাৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ নিলগত তেওঁলোকৰ বাসগৃহ।
কোনে আৰু কিয় দুয়োকে নৃশংসভাৱে হত্যা কৰিলে সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তন।
লগতে পঢ়ক :Supari-laden truck met with an accident : বঙাইগাঁৱত চুপাৰী ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত