Local, Vocal, Global

Two Assam Youth Dies in Andhra Pradesh : অন্ধ্ৰপ্ৰদেশত অকাল মৃত্যুক সাৱটিলে অসমৰ দুই যুৱকে

চাপৰ,২২জুন : পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ ।

প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Two Assam Youth Dies in Andhra Pradesh) ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ । অন্ধ্ৰপ্ৰদেশত অকাল মৃত্যুক সাৱটিলে অসমৰ দুই যুৱকে ।পথ দুৰ্ঘটনাত পতিত হৈ বহিঃৰাজ্যত নিহত অসমৰ যুৱকদ্বয় ।

পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে বহিঃৰাজ্যলৈ ট্ৰাক চলাই যোৱা ধুবুৰী জিলাৰ চাপৰ’ৰ খেৰডুবিৰ আসাদ আলী(৪২) আৰু ধীৰঘাটৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ডৰ নুৰ ইছলাম (৩২) নামৰ যুৱক দুজন পুনৰায় উভতি নাহিল নিজ ঘৰলৈ। যুৱক দুজনৰ বিপৰীতে আজি আহি পালে যুৱকদ্বয়ৰ নশ্বৰ দেহ। ফলত সমগ্ৰ চাপৰতে এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে।

উল্লেখযোগ্য যে যোৱা ১৯ জুন ৰাতিপুৱা প্ৰায় চাৰি মান বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীকামকুলাৰ জিলাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। উক্ত পথ দুৰ্ঘটনাত যুৱক দুজন থিতাতে নিহত হয়। প্ৰাপ্ত বাতৰি অনুসৰি AP-39-TC-2255 নম্বৰৰ মালবাহী ট্ৰাকখনে খুন্দিয়াই দিয়ে আন এখন ট্ৰাকক ফলত থিতাতে নিহত অসমৰ যুৱক দুজন।

তিনিদিন পিছত মৃতদেহ ঘৰ পোৱাৰ লগে লগে কান্দোনত ভাঙি পৰে পৰিয়ালৰ লোক। উক্ত ঘটনায় সমগ্ৰ অঞ্চল জুৰি শো‍কৰ ছাঁ পেলাইছে। মৃত আসাদ আলীয়ে পত্নী সহ দুই পুত্ৰ আৰু এটি কন্যা সন্তান আৰু নুৰ ইছলামে পত্নী সহ দুই পুত্ৰ সন্তান আৰু এটি কন্যা সন্তান এৰি পৰলোক গমন কৰে। পৰিয়াল দুটাৰ একমাত্ৰ উপাৰ্জনকাৰী দুজন নোহোৱাত পৰিয়ালটোলৈ এতিয়া ঘোৰ অমানিশা নামি আহিছে । অসম চৰকাৰ তথা অন্ধ্ৰ প্ৰদেশ চৰকাৰক পৰিয়াল দুটাক সু-দৃষ্টি দিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজে।

লগতে পঢ়ক : Shock And Outrage In Bongaigaon District Following Death Of Class VIII Student : : চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ