Local, Vocal, Global

Two arrested with huge cache of weapons : বোকাজানত উদ্ধাৰ সাতটা 9mm পিষ্টল, এটা ৰিভলভাৰ, ১০টা মেগজিন, 9mmপিষ্টলৰ ৪০৭ৰাউণ্ড সজীৱ গুলী, 0.32 পিষ্টলৰ ৯৪ ৰাউণ্ড সজীৱ গুলী

নিউজ ডেস্ক,৬জুন : বোকাজানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ ৷

এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং আৰক্ষীয়ে বুধবাৰে কেইবাটাও মৰণাস্ত্ৰসহ দুজনক আটক কৰে(Two arrested with huge cache of weapons) ৷

আৰক্ষীৰ সূত্ৰ অনুসৰি ডিলাই থানাৰ অন্তৰ্গত লাহৰীজান পহৰাদাৰী চকীৰ নাকা তালাচীৰ অভিযানত জব্দ হয় এই মৰণাস্ত্ৰসমূহ ৷

জানিব পৰা মতে, ডিমাপুৰৰ দিশৰ পৰা অহা WB 02 AH 1421 নম্বৰৰ ইক’স্পৰ্ট বাহনত তালাচী চলাই গোপন কক্ষৰ পৰা উদ্ধাৰ কৰে সাতটা 9mm পিষ্টল, এটা ৰিভলভাৰ, ১০টা মেগজিন, 9mmপিষ্টলৰ ৪০৭ৰাউণ্ড সজীৱ গুলী, 0.32 পিষ্টলৰ ৯৪ ৰাউণ্ড সজীৱ গুলী(Two arrested with huge cache of weapons in Bokajan)।

ইপিনে আৰক্ষীয়ে আটক কৰে দুই সৰৱৰাহকাৰীক ৷ অৱশ্যে আৰক্ষীয়ে এতিয়াও সৰৱৰাহকাৰী দুটাৰ নাম তদন্তৰ স্বাৰ্থত প্ৰকাশ কৰা নাই ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে দুই সৰৱৰাহকাৰীক ৷

লগতে পঢ়ক : Thieves arrested in Gohpur : গহপুৰৰ হেলেমত আটক ট্ৰাক-স্কৰপিঅ’সহ ৮ গভাইত চোৰ