Local, Vocal, Global

মহানগৰীৰ গড়চুকত ড্ৰাগছসহ দুজনক আটক

নিউজ ডেস্ক, ১০ মে’- ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তেই মঙলবাৰে গুৱাহাটী আৰক্ষীয়ে দুজন সন্দেহজনক ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ কৰিছে।

এই দুয়োজন পেডেলাৰ মোঃ শ্বাহিদ আলম(২০) আৰু বেলুৱা বেগম(৩০) বুলি চিনাক্ত কৰা হৈছে।

খবৰ অনুসৰি, ড্ৰাগছ সৰবৰাহকাৰী দুজনে মহানগৰৰ গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত বৰাগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

ইফালে, আৰক্ষী বিষয়াসকলে ব্যৱসায়ী দুজনৰ পৰা সন্দেহজনক নিচাজাতীয় সামগ্ৰীৰ এটা চাবোন আকাৰৰ পেকেট আৰু ২৫ ভাইল সন্দেহজনক হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়।

তদুপৰি, বিষয়াসকলে দুয়োজনৰ পৰা পঞ্জীয়ন নম্বৰ এএছ 25 ই 5345 এখন পালচাৰ বাইক আৰু এটা মোবাইল ফোন জব্দ কৰে।

উল্লেখ্য যে এই সন্দৰ্ভত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু তদন্ত অব্যাহত ৰাখিছে।