Local, Vocal, Global

কৰিমগঞ্জত বুজন পৰিমাণৰ গাঞ্জাসহ দুজনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ১০ মাৰ্চ : অসম আৰক্ষীয়ে এটাৰ পিছত আনটো গাঞ্জা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতো ৰাজ্যত কমা নাই সৰবৰাহকাৰীৰ উপদ্ৰৱ। পুনৰ কৰিমগঞ্জৰ অসম ত্ৰিপুৰা সীমান্তত বুজন পৰিমাণৰ গাঞ্জা জব্দ । ত্ৰিপুৰাৰ পৰা গুৱাহাটীলৈ গাঞ্জাখিনি লৈ যোৱাৰ সময়তে কৰিমগঞ্জৰ চূড়াইবাৰী আৰক্ষীৰ তালাচীত এখন টেংকাৰৰ পৰা উদ্ধাৰ হয় ২২৮ কেজি গাঞ্জা। গাঞ্জাখিনিৰ লগতে গাড়ী চালক গৌতম চাহা আৰু সহ চালক ভজন সৰকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। গাঞ্জাখিনি বজাৰ মূল্য প্ৰায় ২৫ লাখ টকা হব বুলি আৰক্ষীয়ে জনায়। ৭৫ হাজাৰ টকাৰ বিনিময়ত গাঞ্জাখিনি কঢ়িয়াই আনিছিল বুলি জনায় চালক দুজনে। ইয়াৰ সমান্তৰালকৈ ঘটনা সন্দৰ্ভত সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে ।