ULFA (I) cadre surrendered : চৰাইদেউত আত্মসমৰ্পণ দুই আলফা কেডাৰৰ
নিউজ ডেস্ক , ২৫ নৱেম্বৰ : পুনৰ আলফা স্বাধীনৰ আত্মসমৰ্পণ । চৰাইদেউত আলফা (স্বাঃ) কেডাৰৰ আত্মসমৰ্পণ। চৰাইদেউত আত্মসমৰ্পণ দুজন আলফা কেডাৰৰ(ULFA (I) cadre surrendered)।
উল্লেখ্য যে, আলফা স্বাধীনৰ শিবিৰত এজনৰ পাছত আন এজন আলফা কেডাৰক মৃত্যুদণ্ড দিয়াৰ ঘটনা পোহৰলৈ অহাৰ পিছটো উজনিৰ একাংশ যুৱকে আলফা স্বাধীনৰ শিবিৰলৈ যোৱাৰ খবৰ পোৱা গৈছে ।উজনিৰ কেইবাখনো জিলাৰ পৰা আলফা স্বাধীনলৈ বহু যুৱক- যুৱতীক ঢাপলি মেলাৰ তথ্য সংবাদ মাধ্যমযোগে পোহৰলৈ আহিছে । তেনে সময়তে শুকুৰবাৰে পোহৰলৈ আহিছে আন এক খবৰ (ULFA Surrendered)।
শুকুৰবাৰে আত্মসমৰ্পণ কৰিলে আলফা স্বাধীনৰ সদস্যই । চৰাইদেউত আত্মসমৰ্পণ কৰে দুই আলফা কেডাৰে(Two active ULFA-I cadres surrender before police in Sonari)
জানিব পৰা মতে, শুকুৰবাৰে চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা দুই আলফা কেডাৰ হ’ল কেপ্টেইন নয়ন পাট মাউত ওৰফে বিকাশ অসম আৰু দীপক হাতী বৰুৱা ওৰফে দিব্য অসম । শুকুৰবাৰে আত্মসমৰ্পণ কৰা দুই আলফা সদস্যই আত্মসমৰ্পণৰ সময়ত দুটা থাইলেণ্ডত নিৰ্মিত গ্ৰেণেড আৰু দুটা 9 MM পিষ্টল আৰু 25 ৰাউণ্ড সক্ৰিয় গুলী চৰাইদেউ আৰক্ষীক জমা দিছে বুলি আৰক্ষীয়ে জনায় ৷
আত্মসমৰ্পণকাৰী দুই আলফা সদস্য ক্ৰমে বিক্ৰম অসমৰ ঘৰ সোণাৰিৰ লুখুৰাখন গৰখীয়া হাবি গাঁৱত আৰু দিব্য অসমৰ ঘৰ ডিগবৈ টকনি গাঁৱত ৷ আত্মসমৰ্পণকাৰী দুই আলফা কেডাৰক চৰাইদেউ আৰক্ষীয়ে গুৱাহাটীৰ অসম আৰক্ষীৰ বিশেষ শাখালৈ প্ৰেৰণ কৰা বুলি বিশেষ সুত্ৰৰ পৰা জানিব পৰা গৈছে । আত্মসমৰ্পণকাৰী দুই আলফা কেডাৰ সম্পৰ্কত আৰক্ষীয়ে বিতং কোনো তথ্য বৰ্তমানলৈ ৰাজহুৱা কৰা নাই ।
লগতে পঢ়ক :Rajasthan Assembly Election 2023: পুৱা ৭ বজাৰ পৰা আৰম্ভ ৰাজস্থান বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া