Twitter changes its bird logo : টুইটাৰে আনুষ্ঠানিকভাৱে সলনি কৰিলে নীলা চৰাইৰ ল’গ’, চৰাইৰ পৰিৱৰ্তে X হ’ল

নিউজ ডেস্ক, ২৪ জুলাই : টুইটাৰত ডাঙৰ পৰিৱৰ্তন (Twitter changes its bird logo)। এক নতুন নামেৰে পৰিচিত হ’বলৈ গৈ আছে টুইটাৰ ৷ মাইক্ৰ’ ব্লগিং চাইটোৰ স্বত্বাধিকাৰী মাস্কে নতুন ল’গ’ৰে নিজৰ প্ৰফাইল পিকচাৰ সলনি কৰিছে । ইউ আৰ এলৰ সন্দৰ্ভতো টুইটাৰে এক ডাঙৰ ঘোষণা কৰিছে (Twitter changes its bird logo to ‘X’ officially) ।
টুইটাৰ এতিয়া হয়তো এক্স নামেৰে জনাজাত হ’ব পাৰে । টুইটাৰ ব্যৱহাৰকাৰীয়ে নীলা ৰঙৰ ল’গ’ৰ পৰিৱৰ্তে এক্স ল’গ’টো দেখা পাব । কেৱল এয়াই নহয়, এলন মাস্কে টুইটাৰৰ ৱেবছাইটও সলনি কৰা পৰিলক্ষিত হৈছে । যিকোনো সময়তে মাস্কে কোম্পানীটোৰ ল’গ’ সলনি কৰিব পাৰে । নতুন ল’গ’ৰে কোম্পানীটোৰ নাম টুইট কৰি মাস্কে নিজৰ প্ৰফাইল ফটো সলনি কৰে । তেওঁৰ প্ৰফাইলত Xক ছেট কৰে যিটো ২৩ তাৰিখে তেওঁ শ্বেয়াৰ কৰা ফটোখনৰ সৈতে একেই ।
ইলন মাস্কে টুইটাৰৰ ল’গ’ আৰু ইউ আৰ এল দুয়োটা সলনি কৰিছে (Elon Musk Chief Executive Officer of Tesla Motors)। টুইটাৰ ৱেবছাইট টাবলৈ মাস্কে এটা নতুন লিংক (X.com) শ্বেয়াৰ কৰিছে । ইলন মাস্কে টুইট কৰি কয় যে, এক্স ডট কম এতিয়া টুইটাৰলৈ পুনৰ নিৰ্দেশিত হ’ব । অৰ্থাৎ টুইটাৰ ব্যৱহাৰকাৰীয়ে এক্স ডট কমৰ ইউ আৰ এল সন্ধান কৰাৰ পিছত টুইটাৰৰ চাইটটো খুলিব পাৰিব । X.comয়ে এতিয়া সন্ধান কৰাৰ সময়ত টুইটাৰ চাইটটো খুল খাব আৰু টুইটাৰৰ বাবে ই এক ডাঙৰ পৰিৱৰ্তন । এতিয়া ব্যৱহাৰকাৰীসকলে twitter.com search ৰ পৰিৱৰ্তে X.com ত সন্ধান কৰিব লাগিব ।
দেওবাৰে কোম্পানীটোৰ ল’গ’ সলনিৰ বিষয়ে ইলন মাস্কে কয় যে, “অতি সোনকালে আমি টুইটাৰৰ নীলা চৰাইটোক বিদায় দিম । টুইটাৰৰ চৰাইৰ ল’গ’টোৰ ঠাইত এক্স এটা ব্যৱহাৰ কৰিবলৈ আমাক ব্যৱহাৰকাৰীৰ ইনপুটৰ প্ৰয়োজন আৰু উপযুক্ত ল’গ’ পোৱাৰ লগে লগে ল’গ’টো সলনি কৰিম ।” তেওঁ লগতে কয় যে, “আজি ৰাতিৰ ভিতৰত যদি এটা ভাল ল’গ’ পোষ্ট কৰা হয়, তেন্তে আজিৰ পৰা বিশ্বজুৰি লাইভ হ’ব । সেয়া হ’ব টুইটাৰৰ নতুন ল’গ’।
দেওবাৰে সন্ধিয়া মাস্কে নিজৰ প্ৰফাইলত নতুন টুইটাৰ ল’গ’আপডেট কৰে । ই কোম্পানীটোৰ নতুন ল’গ’ হ’ব পাৰে বুলি অভিহিত কৰে । ইলন মাস্কে এক্সক চীনৰ ৱেচাটৰ দৰে কৰি তুলিব বিচাৰিছে । জনপ্ৰিয় ছ’চিয়েল মিডিয়া এপ হোৱাৰ উপৰিও ৱেৱচাইটে মানুহক বেংকিং আৰু পেমেণ্টৰ সুবিধাও প্ৰদান কৰিব । মাস্কে টুইটাৰ বা এক্সলৈ এনে সুবিধা আনিব বিচাৰে ।
এক্সৰ CEO লিণ্ডা ইয়াকাৰিনোৱেও এই বিষয়ত এটা টুইট কৰে (twitter CEO Linda Yaccarino)। য’ত তেওঁ কোম্পানীটোৰ ৰোডমেপ ল’গ’ৰ সৈতে শ্বেয়াৰ কৰে আৰু অতি সোনকালে ব্যৱহাৰকাৰীয়ে এক্সত ভিডিঅ’ কলিং, বেংকিং আৰু পেমেণ্টৰ দৰে বৈশিষ্ট্য লাভ কৰিব পাৰিব বুলি অৱগত কৰে ।
টুইটাৰৰ চিইঅ’ লিণ্ডা ইয়াকাৰিন’ই টুইট কৰি কয় যে , “ইতিবাচক পৰিৱৰ্তনৰ কোনো সীমা নাই । এক্সে যোগাযোগৰ বাবে নতুন ভৱিষ্যতৰ ৰচনা কৰিব । টুইটাৰে সমালোচকৰ পৰা অনুপ্ৰাণিত হৈ বিগত সময়ত নতুন কিবা এটা কৰিবলৈ আহিছে । ইয়াৰ ফলত এক্সৰ নতুন ৰূপ দেখা যাব । ইলন মাস্ক আৰু মই বিগত ৮ মাহ ধৰি ইয়াৰ ওপৰত কাম কৰি আহিছো । আমি নতুন আৰু নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিম ।”
জানিব পৰা মতে মাস্কৰ “X” আখৰটোৰ প্ৰতি আকৰ্ষণ আছে । ১৯৯৭ চনত তেওঁ এক্স ডট কম আৰম্ভ কৰে আৰু পিছলৈ ইয়াৰ নাম সলনি কৰি পেপ’ল কৰে । তেওঁৰ মহাকাশ কোম্পানী স্পেচএক্সৰ ল’গ’টো হৈছে ‘এক্স’।
দেওবাৰে টুইটাৰৰ ল’গ’ সলনি কৰাৰ পৰিকল্পনা প্ৰকাশ কৰে ইলন মাস্কে । এটা টুইটত তেওঁ উল্লেখ কৰে যে সৰু নীলা বাৰ্ডিটোৰ ঠাইত “এক্স” লোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক : Ferry sinks in Indonesia : ইণ্ডোনেছিয়াৰ চুলাৱেছি দ্বীপত নাও দুৰ্ঘটনা, ১৫ জনৰ মৃত্যু, ১৯ জন সন্ধানহীন