Tragedy in Rajasthan: বিয়াৰ পূৰ্বৰ অনুষ্ঠানৰ পৰা উভতনিৰ পথত মৰ্মান্তিক দুৰ্ঘটনা;নিহত শিশুসহ ১২জন

নেশ্যনেল ডেস্ক,২০অক্টোবৰ : ৰাজস্থানৰ ঢোলপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা(Tragedy in Rajasthan)। শনিবাৰে নিশা প্ৰায় ১১ বজাত বাড়ি সদৰ থানাৰ অন্তৰ্গত চুনিপুৰ গাঁৱৰ সমীপত এখন যাত্ৰীবাহী বাছ আৰু টেম্পোৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত ৯ টা শিশুসহ ১২ গৰাকী লোক নিহত হয়,আহত হয় ৩গৰাকীকৈ লোক। বিয়াৰ পূৰ্বৰ অনুষ্ঠানৰ পৰা উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো( Twelve people killed after bus rams into tempo in Dholpur district)।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে নিশাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে কৰে।আহত ৩ গৰাকী যাত্ৰীক ততাতৈয়াকৈ উদ্ধাৰ কৰে ঢোলপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।ইফালে নিহত লোককেইজনক বাড়ি চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইফালে ঘটনা সন্দৰ্ভত বাড়ি কোতৱালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱ লাহৰি মীনাই কয় যে বাড়ি চহৰৰ কৰিম কলনিৰ নাহনু আৰু জাহিৰৰ পৰিয়ালকে ধৰি একাংশ আৱাসীয়ে বাৰাউলি গাঁৱত এক পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল । তাৰ পৰা তেওঁলোকে ঘৰলৈ এখন টেম্পোৰে উভতি আহিছিল । উভতি অহা পথতে বিপৰীত দিশৰ পৰা অহা এখন যাত্ৰীবাহী বাছেৰে টেম্পোখনৰ মুখামুখি সংঘৰ্ষ হয়(5 Children Among 12 Killed as Bus Collides With Tempo in Rajasthan)।
ফলত ১২ গৰাকী লোকৰ মৃত্যু হয় । দুৰ্ঘটনাটোত বাছখনৰ চালক আৰু কৰ্মচাৰী আহত হয় । দুৰ্ঘটনাটোত পতিত দুয়োখন বাহনে আৰক্ষীয়ে জব্দ কৰিছে ।
অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই দুৰ্ঘটনাৰ কাৰণ আৰক্ষীয়ে দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ অনুসন্ধান অব্যাহত ৰাখিছে।
লগতে পঢ়ক :Sensational Incident : নৃশংস হত্যাকাণ্ড! ভিনিয়েকৰ ছুৰিকাঘাতত প্ৰাণ গ’ল খুলশালিয়েকৰ