Local, Vocal, Global

টুমনীৰ ৰাজাবালা ফেৰশাটাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল ডেস্ক:- টুমনীৰ ৰাজাবালা ফেৰশাটাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। ৰাজাবালা ফেৰশাটাৰী গাঁৱৰ অহিদুৰ ৰহমানৰ ঘৰত ভয়ংকৰ অগ্নিকাণ্ড৷ পুৱা আনুমানিক ১০ বজাত বিদ্যুতৰ পৰা জুইৰ সুত্ৰপাত হৈ প্ৰথমে ঘৰৰ চিলিঙত জুই দপদপাই জ্বলি উঠে বুলি মন্তব্য কৰে স্থানীয় লোকে।

জুইত ৩টাকৈ বাসগৃহ ভস্মীভূত হোৱাৰ লগতে প্ৰায় ৫-৬ লক্ষাধিক টকাৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত ঘটাৰ অভিযোগ কৰে। ইফালে অহিদুৰ ৰহমানৰ মূল্যৱান নথি-পত্ৰ জুইত জাহ যায়। স্থানীয় ৰাইজ আৰু মেঘালয়ৰ ফুলবাৰীৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে দক্ষিণ শালমাৰাৰ আৰক্ষী আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াই জুই লগাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। আনহাতে জুই নুমুৱাবলৈ গৈ অহিদুৰ ৰহমানৰ ঘৰৰ কাষৰ খুড়াকৰ ল’ৰা এজন আহত হয় ৷ গতিকে অতি দৰিদ্ৰ পৰিয়ালটোক চৰকাৰে সহায়-সহযোগ কৰাৰ দাবী স্থানীয় ৰাইজৰ।