তুলসী পাতৰ আছে অনেক উপকাৰিতা; আপুনি বাৰু জানেনে ?

ডিজিটেল ডেস্ক:- ভাৰতত তুলসী গছক অতি পবিত্ৰ বুলি গণ্য কৰা হয়।তুলসী গছক বেছিভাগ ঘৰতে দেখা যায়।ভাৰতত হিন্দু ধৰ্মালম্বী লোকৰ ঘৰ আৰু আয়ুৰ্বেদত তুলসীৰ এক বিশেষ স্থান আছে।হিন্দুধৰ্মালম্বী লোকসকলে তুলসীক পবিত্ৰ জ্ঞান কৰি পূজা অৰ্চনা কৰে।ইয়াক আয়ুৰ্বেদৰ ধন বুলি কলেও ভুল নহব কাৰণ ইয়াত ঔষধি গুণৰ অভাৱ নাই।
আমি সকলোৱে জানো যে তুলসী পাতত বহুতো ঔষধি গুণ সন্নিৱিষ্ট হৈ থাকে।তুলসী পাত সাধাৰণতে দুই প্ৰকাৰৰ পোৱা যায়।এবিধ বেঙুনীয়া আৰু আনবিধ সেউজীয়া।তুলসী পাতে বহু ৰোগ নিৰাময় কৰাত সহায় কৰে। প্ৰতিদিনে তুলসী পাতৰ ৰস সেৱন কৰিলে কাহ বা শ্বাসজনিত ৰোগসমূহৰ পৰা নিৰাময় পাব পাৰি। মূৰৰ বিষতো তুলসী পাত ঔষধ স্বৰূপ।
নিয়মীয়াকৈ তুলসী পাতৰ ৰস সেৱন কৰিলে ছাইনাছ, মাইগ্ৰেই, দুশ্চিন্তা আদিৰ পৰা নিৰাময় পাব পাৰি। তুলসী পাতত থকা এণ্টীবেক্টেৰিয়েল উপাদানে বহু ৰোগ সংক্ৰমণো ৰোধ কৰিব পাৰে। বৃক্কৰ পাথৰ আদিৰ দৰে জটিল ৰোগতো এই বনৌষধবিধে কাম কৰে। তুলসী পাত নিয়মীয়াভাৱে খালে হাওঁফাওঁজনিত ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি। তুলসী পাতেৰে দাঁত ঘঁহিলে আৰু খালী পেটত তুলসী পাতৰ ৰস সেৱন কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হয়। নিয়মিত তুলসী পাত বা তুলসী পাতৰ ৰস সেৱন কৰিলে বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি।
জানো আহক তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে-
তুলসীৰ ১০-১২ টা মান পাত গৰম পানীৰে ধুই নিয়মিয়কৈ খালে যকৃতৰ ৰোগসমূহৰ পৰা হাত হাৰি থাকিব পাৰি ।
পেটৰ বিষ হ’লে এচামুচ তুলসী পাত পানীৰ লগত মিহলাই পেষ্ট তৈয়াৰ কৰি সেই পেষ্ট নাভি আৰু পেটৰ আশে পাশে লগালে আৰাম পোৱা যায় ।
তুলসীয়ে তেজত থকা কলেষ্টৰলৰ মাত্ৰা কম কৰে । সেয়ে হৃদৰোগীসকলৰ বাবে ই বিশেষ কার্যকৰী বুলি প্ৰমাণিত ।
তুলসীৰ শুকান পাত সৰিয়হৰ তেলৰ লগত মিহলাই দাঁত চাফা কৰিলে মুখৰ দূৰ্গন্ধ দূৰ হয় ।
তুলসীৰ পাতে মধুমেহ ৰোগ নিয়ন্ত্ৰণত ৰাখে।
তুলসীৰ পাত পিচি খালে স্মৃতি শক্তিও বৃদ্ধি হয়।
উচ্চ ৰক্তচাপৰ বাবে তুলসী পাতৰ ৰস লগত হালধিৰ ৰস মিহলাই সেৱন কৰিব লাগে।
তুলসীৰ পাত খালে আৰু তুলসীৰ পাতেৰে দাঁত ঘঁহিলে মুখৰ দুৰ্গন্ধ নোহোৱা হয়।
তুলসী পাতৰ চাহ খালে যকৃতৰ ৰোগ নিৰাময় হয়
তুলসী পাতৰ ৰস খালে বমি, পানী লগাৰ পৰা উপশম পাব পাৰি।
কাহ, কফ, জ্বৰ আদি হ’লে তুলসীৰ ৰস মৌৰ লগত মিহলাই সেৱন কৰিব লাগে।
তুলসীৰ পাত পানীত তিয়াই থৈ সেই পানীৰে ধুলে গাৰ ছালৰ দাগ নোহোৱা হয়।
তুলসীৰ পাত নিয়মীয়াকৈ খালে গাৰ ছাল নিমজ আৰু সতেজ হয়।
তুলসী পাতে তেজ পৰিষ্কাৰ কৰে।তু