US Shooting : বিদ্য়ালয়ত গুলীচালনাৰ ঘটনা,গুলীচালনাৰ ফলত নিহত এজন ছাত্ৰ, আহত দুজন
ইন্টাৰনেশ্যনেল ডেস্ক, ১৩ছেপ্টেম্বৰ : গুলীচালনাৰ ঘটনা(US Shooting) । এইবাৰ বিদ্য়ালয়ত গুলীচালনাৰ ঘটনা । গুলীচালনাৰ ফলত নিহত এজন স্কুলীয়া ছাত্ৰ, আহত হয় দুজন ছাত্ৰ । এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
উল্লেখ্য যে, মাৰ্কিন যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এই ঘটনাৰ । ক্ৰমাত যেন মাৰ্কিন যুক্তৰাষ্ট্ৰত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনাৰ । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লুইজিয়ানাৰ এখন বিদ্যালয়ত গুলীচালনাৰ ঘটনা সংঘটিত হয় যাৰ ফলত এজন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে আন হয় আন দুজন ছাত্ৰৰ(One Dead Several Injured After Gunman Opens Fire at Louisiana High School Accused Arrested) ।
জানিব পৰা মতে গুলীচালনা সংঘটিত কৰা অভিযুক্তজনক ইতিমধ্য়ে জিম্মাত লোৱা হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । কিন্তু এই গুলীচালনাৰ ঘটনা কিয় সংঘটিত কৰিলে এতিয়াও জানিবলৈ পৰা হোৱা নাই । লুইজিয়ানাৰ এখন হাইস্কুলত মঙলবাৰে সংঘটিত হয় চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাটো(1 student dead after high school shooting in Louisiana) ৷
ছেইণ্ট হেলেনা পেৰিছ শ্বেৰিফৰ কাৰ্যালয়ে সংবাদ মাধ্যমক জনোৱা অনুসৰি, গ্ৰীণছবাৰ্গৰ ছেইণ্ট হেলেনা কলেজ আৰু কেৰিয়াৰ একাডেমীত বিয়লি প্ৰায় ৩ মান বজাত সমীপত এই ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে । এই ঘটনাৰ ফলত এজন ছাত্ৰ নিহত হয় আৰু দুজন আহত হয় । আহত ছাত্ৰ দুজনক চিকিৎসাৰ বাবে অঞ্চলটোৰ চিকিৎসালয়লৈ লৈ যোৱা হয়(One Dead Several Injured After Gunman Opens Fire at Louisiana High School) ।
শ্বেৰিফ নেট উইলিয়ামছে জনোৱা মতে, অভিযুক্তজন বিদ্যালয়খনৰ ছাত্ৰ আৰু এগৰাকী কিশোৰ বুলি জানিব পৰা গৈছে ৷ গুলীচালনাৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো ঘোষণা কৰা নাই বিদ্যালয় কৰ্তৃপক্ষই ।
এছ’চিয়েটেড প্ৰেছ (এপি)ৰ এক প্ৰতিবেদন অনুসৰি ছেইণ্ট হেলেনা পেৰিছ স্কুল জিলাৰ অধীক্ষক কেলি জোচেফে মন্তব্য বিচাৰি ইমেইল আৰু ভইচ মেছেজ এৰি দিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :Nipah Virus Kerala : ক’ভিড-১৯ৰ পাছত নিপা ভাইৰাছৰ সন্ত্ৰাস