Local, Vocal, Global

Truck loaded with illegal liquor seized : ঘিলাধাৰীত জব্দ অবৈধ সুৰা ভৰ্তি ট্ৰাক

নিউজ ডেস্ক,১৭জুলাই : গোলাঘাট জিলাত আৰক্ষীৰ অভিযান । বুধবাৰে পুৱা উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ আৰক্ষীৰ দলে অভিযান চলাই । আৰক্ষীৰ অভিযান এখন সুৰা ভৰ্তি ট্ৰাক জব্দ কৰে।

জানিব পৰা মতে, বুধবাৰে পুৱা প্ৰায় ৭ মান বজাত যোৰহাটৰ মৰিয়নিৰ পৰা তিতাবৰ হৈ গোলাঘাট জিলাৰ মেৰাপানী অভিমুখে ৩২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে অবৈধভাৱে সুৰা সৰবৰাহৰ সময়তে ঘিলাধাৰী আৰক্ষী থানাৰ অন্তৰ্গত মক্ৰং তিনিআলিত ট্ৰাকখন জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত ট্ৰাকখনৰ নম্বৰ এ এছ ০৩ বি চি ৭০৩০(Truck loaded with illegal liquor seized in Golaghat)।

ইয়াৰ পিছতে ট্ৰাকখন ঘিলাধাৰী আৰক্ষী থানালৈ লৈ আনে ট্ৰাকখন।জব্দকৃত বাহনখনত পৰা আৰক্ষীয়ে মুঠ ৯৫৯ টা সুৰাৰ কাৰ্টুন জব্দ কৰাৰ লগতে চালকসহ মুঠ ৭ জনকৈ লোকক আটক কৰে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে যোৰহাটৰ এটা ৱেৰ হাউচৰ পৰা এই সুৰাখিনি নাগালেণ্ডলৈ অধিক টকাত প্ৰেৰণ কৰিছিল। এই বিষয়ে অৱগত হৈ গোলাঘাট আৰক্ষী অধীক্ষক ৰাজেন সিঙে দুগৰাকী উপ-আৰক্ষী অধীক্ষকৰ সহায়ত নাকা চেকিং লগাই ঘিলাধাৰী আৰক্ষীৰ সহযোগত এই ট্ৰাকখন জব্দ কৰে(Truck loaded with illegal liquor seized )।

লগতে পঢ়ক : Four Maoists carrying ₹20L bounty surrender : ছত্তীশগড়ত চাৰি শীৰ্ষ মাওবাদীৰ আত্মসমৰ্পণ