Local, Vocal, Global

Burmese supari seized : হাইলাকান্দিত বাৰ্মিজ চুপাৰি ভৰ্তি ট্ৰাকসহ আটক দুজন লোক

নেশ্যনেল ডেস্ক, ১৮ জুন : হাইলাকান্দিৰ অসম মিজোৰাম সীমান্তত ৰামনাথপুৰ আৰক্ষীয়ে জব্দ কৰে ৫৭ বস্তা ব‍াৰ্মিজ চুপাৰি(Burmese supari seized) । দেওবাৰে AS 01FC 1358 নম্বৰৰ এখন ট্ৰাকৰ গোপন চেম্বাৰৰ ভিতৰত ভৰাই বাৰ্মিজ চুপাৰিখিনি সৰবৰাহ কৰাৰ সময়তে ৰামনাথপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন (Truck loaded with Burmese supari seized) ।

জব্দকৃত এই ট্ৰাকখনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৫৭ বস্তা বাৰ্মিজ চুপাৰি (Burmese supari seized) । লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ট্ৰাকৰ চালক আৰু সহচালকজনক । গ্ৰেপ্তাৰ হোৱা লোক দুজনৰ নাম হৈছে সইফুল উদ্দিন লস্কৰ আৰু মিনাজ উদ্দিন লস্কৰ । জব্দকৃত বাৰ্মিজ চুপাৰিখিনিৰ বজাৰ মুল্য প্ৰায় ১৫ লাখ হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে । গ্ৰেপ্তাৰ হোৱা দুয়োজন লোকক বৰ্তমান সোধপোছ অব্যাহত ৰাখিছে ৰামনাথপুৰ আৰক্ষীয়ে ।

ইফালে কাটিগড়া সমষ্টিৰ কংগ্ৰেছ বিধায়ক খলিল উদ্দিন মজুমদাৰৰ অভিযোগ, অবৈধভাৱে সৰবৰাহ কৰা এই বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেটৰ লগত একাংশ আৰক্ষীৰ লোকো জড়িত হৈ আছে । নহ’লে মিজোৰাম সীমান্ত পাৰ হৈ হাইলাকান্দিৰ পৰা কাছাৰ জিলাৰ কাটিগড়া সমষ্টি হৈ মেঘালয়লৈ কেনেকৈ সৰবৰাহ হয় এই বাৰ্মিজ চুপাৰিবোৰ ।

বিধায়ক গৰাকীয়ে লগতে কয় যে, একাংশ ৰাজনৈতিক নেতাও এই বাৰ্মিজ চুপাৰিৰ চিণ্ডিকেটৰ লগত জড়িত আছে । বিধায়কগৰকাকীয়ে ৰাজ্যৰ মুখ্যমন্ত্রীক বাৰ্মিজ চুপাৰিৰ এই অবৈধ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে ইয়াৰ লগত জড়িত চিণ্ডিকেট চক্ৰটোক উৎখাত কৰাৰ বাবে জনাইছে আহ্বান ।

লগতে পঢ়ক : Primary Health Center in Hailakandi : স্বাস্থ্য কেন্দ্ৰৰ নামত অট্টালিকা , কিন্তু ভিতৰত নাই স্বাস্থ্যসেৱাৰ সামগ্ৰী