Road accident at Titabor : অভাৰলোড ট্ৰাকে মহতিয়াই ভাঙিলে লাইটৰ খুঁটা, বাইক আৰু কেইবাখনো দোকান

তিতাবৰ, ৫ আগষ্ট : তিতাবৰ ন আলি ঢেকীয়াজুলিত তীব্ৰবেগী ট্ৰাকৰ দৌৰাত্ম্য (Road accident at Titabor ) ৷ অভাৰলোড ট্ৰাকে মহতিয়াই ভাঙিলে লাইটৰ খুঁটা, বাইক আৰু কেইবাখনো দোকান ৷ দৈব্যক্ৰমে এই দুৰ্ঘটনাটোৰ পৰা ৰক্ষা পৰিল কেইবাজনো লোক । অঞ্চলজুৰি অব্যাহত তীব্ৰ উত্তেজনা(Truck Accident at Titabor in Jorhat) ।
শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত তিতাবৰ ন আলি ঢেকীয়াজুলিত সংঘটিত হয় এক পথ দুৰ্ঘটনা (Road accident at Titabor ) ৷ এখন অভাৰলোড মালবাহী ট্ৰাকে মহতীয়াই নিলে খুটা, বাইক আৰু কেইবাখনো দোকান ৷ সৌভাগ্যক্ৰমে এই দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱা নাই ৷
গুৱাহাটীৰ পৰা অহা AS01 FC9897 নম্বৰৰ ট্ৰাক এখনে তিতাবৰ গাত্তানি কোম্পানীৰ এটা ধানৰ মিলৰ পৰা ধান থৈ তুঁহ ভৰ্টী কৰি লৈ ন আলিয়ে দি তীব্ৰবেগত গতি কৰিছিল ৷ এই মালবাহী ট্ৰাকখনৰ চালকজন সুৰামত্ত আছিল বুলি উল্লেখ কৰে স্থানীয় ৰাইজে ৷
অভাৰলোড মালবাহী ট্ৰাকখনৰ চালকজনে অতি তীব্ৰবেগত আহি প্ৰথমে এটা বিদ্যুতৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰে ৷ তাৰ পিছত এখন বাইক আৰু কেবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত খুন্দা মাৰে ৷ যাৰ ফলত যথেষ্ট ক্ষতি সাধন হয় । এই দুৰ্ঘটনাটোৰ পাছতে উত্তপ্ত হৈ পৰে অঞ্চলটো ৷ ৰাজপথলৈ ওলাই আহি স্থানীয় ৰাইজে ট্ৰাকখনৰ চালক আৰু ট্ৰাকখন জব্দ কৰে ৷
কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অতি কৌশলেৰে ট্ৰাকখনৰ চালকজনক গণ ৰোষৰ পৰা ৰক্ষা কৰি লৈ যায় ৷ যাৰ ফলত ক্ষুব্ধ হৈ পৰে স্থানীয় লোক ৷ ক্ষতিপূৰণ নিদিয়া অথবা ক্ষতিপূৰণ সন্দৰ্ভত লিখিত প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন যাবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰে ৷ উত্তেজিত ৰাইজে গাড়ীৰ মালিকৰ পৰা ক্ষতিপূৰণ দাবী কৰিছে ।
উল্লেখ্য যে, নিশা হ’লেই উক্ত অঞ্চলটোত একাংশ মালবাহী ট্ৰাক লগতে অন্যান্য বাহনে দৌৰাত্ম্য চলাই আহিছে ৷ এনেদৰে ৰাজপথত দৌৰাত্ম চলোৱা গাড়ীসমূহ নিয়ন্ত্ৰণ ক্ষেত্ৰত পৰিবহণ বিভাগ আৰু যান-বাহন শাখা অধিক কঠোৰ হ’বলৈ দাবী জনাই ৰাইজে ৷
লগতে পঢ়ক : Hathras Road Accident : হাথৰাছত ভয়ংকৰ পথ দুৰ্ঘটনা, ৫ জন নিহত, ৮ জন আহত