Local, Vocal, Global

মদৰ গিলাছ হাতত লৈ জয়া! ভৱেশ বাহিনীৰ দাবী ছোৱালীজনীৰ চৰিত্ৰই এয়া…

ডিজিটেল সংবাদ, ৰঙিয়াঃ এটা ফেচবুক পোষ্টত ফোনযোগে চাকৰিৰ প্ৰদানৰ নামত ৩ লাখ টকা বিচৰা বুলি অভিযোগ অনা জয়া কলিতাক এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশ লোকে। ফেচবুক পোষ্টটোৰ পিছতে সোমবাৰে যুৱতীগৰাকীৰ বিৰুদ্ধে ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছিল।

এজাহাৰ দাখিলৰ সমান্তৰালভাৱে ছ’চিয়েল মিডিয়াত কেইখনমান বিশেষ ফটো ভাইৰেল কৰি জয়াৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে ভৱেশ কলিতাৰ একাংশ সমৰ্থকে৷ এখন ফটোত জয়া কলিতাৰ হাতত মদৰ গিলাছ আৰু আন এখন ফটোত এজন যুৱকৰ সৈতে থিয় দি থকা ফটো দেখা গৈছে৷

এনেদৰে এতিয়া জয়াক যিকোনো প্ৰকাৰে জনমানসত হেয় প্ৰতিপন্ন কৰিবলৈ উঠি-পৰি লাগিছে একাংশ লোক৷ এগৰাকী যুৱতীৰ ব্যক্তিগত জীৱনক লৈ এনেদৰে আক্ৰমণ কৰা কাৰ্যক একাংশ লোকে সহজভাৱে ল’ব পৰা নাই৷ উল্লেখ্য যে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰদানৰ নামত ধনৰ লেন-দেন হোৱা বুলি দাবী কৰি মুখ্যমন্ত্ৰী, ডিজিপিৰ টুইট কৰাত ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ পাছতে সামাজিক মাধ্যম যোগে ইজনৰ পিছত সিজন লোকে এই সন্দৰ্ভত নিজৰ পূৰ্বৰ তিক্ত অভিজ্ঞতা বৰ্ণনা কৰা দেখা গৈছিল।

তিক্ত অভিজ্ঞতা সুঁৱৰি ৰঙিয়াৰ এগৰাকী যুৱতীয়ে ফেচবুকত দীঘলিয়া পোষ্ট লিখিছিল৷ ‘কা’ আন্দোলনত সক্ৰিয়ভাৱে জড়িত যুৱতীক খোদ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ সভাপতি ভৱেশ কলিতাই ফোন কৰি ৩ লাখ টকা বিচৰাৰ অভিযোগ আনিছিল জয়া কলিতাই৷ ইমানেই নহয়, ভৱেশ কলিতাৰ এই প্ৰস্তাৱ অগ্ৰাহ্য কৰাত জয়াৰ বিৰুদ্ধে চৰকাৰী বিষয়াৰ পৰা ধন দাবী কৰা বুলিও গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰিছিল পোষ্টটোত।