Local, Vocal, Global

Tripura Seize Large Quantity of Ganja : চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ গাঞ্জা

নিউজ ডেস্ক, ২০ জানুৱাৰী : চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত জব্দ বুজন পৰিমাণৰ গাঞ্জা(Tripura Seize Large Quantity of Ganja ) ।

অব্যাহত আছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এইবাৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত মাদক দ্ৰব্যৰ বিৰুদ্ধে ধলাই আৰক্ষীৰ অভিযান । অভিযানত ধলাই আৰক্ষীয়ে জব্দ বুজন পৰিমাণৰ গাঞ্জা । গোপন তথ্যৰ ভিত্তিত শ্ৰীৰামপুৰ তালাচী চকীত অভিযান চলোৱাৰ সময়ত জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা খিনি(Tripura Seize Large Quantity of Marijuana)।

উল্লেখ্য যে, শুকুৰবাৰে এখন চাৰিচকীয়া বাহনত তালাচী চলাওতে বাহন খনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় ৩৩ গাঞ্জাৰ পেকেট।জব্দকৃত পেকেট কেইটাৰ পৰা মুঠ ২৭.৮ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, ত্ৰিপুৰাৰ পৰা অসমৰ দিশে আহি থকা সময়ত বাহন খনৰ পৰা জব্দ কৰা হয় গাঞ্জা খিনি। গাঞ্জাখিনিৰ লগতে আৰক্ষীয়ে সৰবৰাহৰ অভিযোগত বাহন খনৰ চালকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কমলপুৰ থানাত এন ডি পি এছ আইনৰ অধীনত এটি গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে।

লগতে পঢ়ক :Fire Breaks out in Barpeta : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা;অগ্নিকাণ্ডৰ ফলত ৩-৪ লাখ টকাৰ বিস্তৰ ক্ষতিসাধন