Local, Vocal, Global

Tripura railway police detains 5 illegal immigrants : ত্ৰিপুৰাত আটক ৫ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক

নিউজ ডেস্ক,২২অক্টোবৰ : ত্ৰিপুৰাত আটক ৫ গৰাকী বাংলাদেশী অনুপ্ৰৱেশকাৰী(Tripura railway police detains 5 illegal immigrants)৷

গোপন সূত্ৰৰ পমখেদি আগৰতলা ৰে’ল ষ্টেচন ৰে’ল আৰক্ষী, ৰে’লৱে সুৰক্ষা বাহিনী, বি এছ এফ আৰু চোৰাংচোৱা সংস্থাই চলাইছিল অভিযান ৷ অভিযানত নিৰাপত্তাৰক্ষীৰ দলে আটক কৰে অনুপ্ৰৱেশকাৰী কেইগৰাকীক৷

জানিব পৰা মতে,আগৰতলাৰ পৰা ৰে’ল যোগে ভাৰতৰ আন ৰাজ্যলৈ যোৱাৰ প্ৰস্তুতি চলাইছিল এই পাঁচ অনুপ্ৰৱেশকাৰীয়ে ৷আটকাধীন অনুপ্ৰৱেশকাৰীসকলৰ দুইগৰাকী বাংলাদেশী আৰু তিনিগৰাকী ম্যানমাৰৰ নাগৰিক বুলি জানিব পৰা গৈছে ৷ আটাইকেইজনেই বাংলাদেশ হৈ ভাৰতত প্ৰৱেশ কৰিছিল(Tripura railway police detains 5 illegal immigrants at Agartala station) ৷

আটকাধীন লোককেইজনৰ সোধা-পোছাৰ সময়ত তেওঁলোকৰ এজনে কয় যে হায়দৰাবাদলৈ যাবলৈ ওলাইছে আৰু আন এজনে কৈছে তেওঁলোকৰ লক্ষ্যস্থান মুম্বাই ৷

কৰ্তৃপক্ষই জনোৱা মতে, এই অনুপ্ৰৱেশকাৰী কেইজনক ইতিমধ্যে আগৰতলা ৰে’লৱে আৰক্ষী থানাত জেৰা চলাই থকা হৈছে ৷ অনুসন্ধানৰ পিচত আৰু অধিক সন্দেহযুক্ত নাগৰিক ধৰা পৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ৰে’ল আৰক্ষীয়ে৷

আৰক্ষীৰ বিবৃতিত উল্লেখ কৰা মতে, ‘‘আগৰতলা ৰে’ল আৰক্ষী থানাই ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছে আৰু অনুপ্ৰৱেশকাৰী কেইজনক আদালতত হাজিৰ কৰোৱা হ’ব ৷’’

আটাইকেইজনকে অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে ৷ অনুপ্ৰৱেশৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখা বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে ৷

লগতে পঢ়ক :Wild elephanat death: গোৱালপাৰাত বনৰীয়া হাতীৰ কৰুণ মৃত্যু;বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বনৰীয়া হাতীটোৰ মৃত্যুৰ সন্দেহ