Local, Vocal, Global

আজিৰ পৰা আৰম্ভ হ’ল ত্ৰিপুৰা বাজেট অধিৱেশন

নিউজ ডেস্ক, ১৭ মাৰ্চঃ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ত্ৰিপুৰা বাজেট অধিৱেশন। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশন ২৪ মাৰ্চত সমাপ্ত হ’ব । এইবাৰ ত্ৰিপুৰা চৰকাৰে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে ।

অধিৱেশনৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ পাছতে অধ্যক্ষ ৰতন চক্ৰৱৰ্তীয়ে সংবাদমাধ্যমক সম্বোধন কৰি তেওঁ কয় যে, এইবাৰ চাৰিগৰাকী বিধায়ক এই অধিৱেশনত উপস্থিত নাথাকে ।

তেওঁলোকৰ ভিতৰত বিজেপিৰ এগৰাকী বিধায়ক যাক ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে ৷ লগতে বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই পদত্যাগ কৰিছিল আৰু চিপিআই(এম)ৰ বিধায়ক ৰমেন্দ্ৰ চন্দ্ৰ দেবনাথৰ মৃত্যু হৈছে ।

অধ্যক্ষগৰাকীয়ে উল্লেখ কৰা মতে অধিৱেশনৰ প্ৰথম দিনা ৰাজ্যপাল উপস্থিত থাকিব । ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা বিত্ত মন্ত্ৰী জিষ্ণু দেৱবাৰ্মাই এই বাজেট দাখিল কৰিব ।