Local, Vocal, Global

Road Accident in Pune : ৰিক্সা আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ; থিতাতে নিহত ৮জনকৈ লোক

নেশ্যনেল ডেস্ক, ১৮ ডিচেম্বৰ : ভয়ংকৰ পথ দুৰ্ঘটনা । ৰিক্সা আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ফলত থিতাতে নিহত ৮জনকৈ লোক । নিহত একেটা পৰিয়ালৰ ৪জন ব্যক্তি(Road Accident in Pune) ।

মহাৰাষ্ট্ৰৰ পুণেত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মহাৰাষ্ট্ৰৰ আহমেদনগৰ-কল্যাণ ঘাইপথৰ ডিংগোৰ সীমান্তৰ অঞ্জিৰা বাগত সংঘটিত এই পথ দুৰ্ঘটনাটো ৷

জানিব পৰা মতে, এখন পাচলি কঢ়িওৱা নিয়া ৰিক্সা আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষৰ ফলত কেবাজনো লোক পদপথত চিটিকি পৰে ৷ফলত কেইবাজনো লোক আহত হয় ।দেওবাৰে নিশা প্ৰায় ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় লোকে ।

এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক ৷ আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহযোগত আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে(Triple accident in Pune, 8 died on the spot, 4 people of the same family died) ৷

ইফালে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে নিশাই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেও আহতসকলৰ স্বাস্থ্যৰ বুজ ল’বলৈ হাস্পতালত উপস্থিত হয় ৷ আনকি কেবাজনো আহত লোকক মুখ্যমন্ত্ৰী সিন্দেই নিজ বাহনেৰে হাস্পতাললৈ অনাৰ ব্যৱস্থা কৰে বুলি জানিব পৰা গৈছে ৷

আৰক্ষীৰ তথ্য অনুসৰি, এই দুৰ্ঘটনাটোত মুঠ ৮ জন লোক নিহত হয় । নিহত লোকসকলৰ ভিতৰত পাঁচজন পুৰুষ, এগৰাকী মহিলা আৰু দুটা নাবালক শিশু আছে । নিহত লোককেই জন ক্ৰমে গণেশ মাস্কাৰে (৩০), কোমল মাস্কাৰে (২৫ বছৰ), হৰ্ষদ কোমল মাস্কাৰে (বয়স ৪), কাব্য কোমল মাস্কাৰে (বয়স ৬) । নিহত লোককেইজন একেটা পৰিয়ালৰে সদস্য আছিল বুলি জানিব পৰা গৈছে ৷ নিহত আৰু এজন নাম হৈছে আমোল মুকুন্দ থোখে(Horrific accident on Nagar-Kalyan highway, eight dead on the spot) ৷

বৰ্তমানলৈ নিহত লোকসকলৰ ভিতৰত কেইবাজনক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই ৷ নিহত কেইজন চিনাক্তকৰণৰ বাবে আৰক্ষীয়ে প্ৰচেষ্টা অব্যাহত আছে ৷

লগতে পঢ়ক :Congress to hold CWC meeting on Dec 21 to strategise for 2024 polls : ২১ ডিচেম্বৰত অনুষ্ঠিত হ’ব কংগ্ৰেছ ৱৰ্কিং কমিটিৰ বিশেষ বৈঠক