Local, Vocal, Global

Transformer Blast in Guwahati : অৱশেষত মৃত্যুৰে যুঁজি হাৰ মানিলে ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত আহত ৰিংকি তিৱাৰীয়ে

নিউজ ডেস্ক,২৪জুলাই : অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ৰিংকি তিৱাৰীয়ে।১৭ জুলাইৰ পৰা মৃত্যুৰ সৈতে যুজি অৱশেষত মঙলবাৰে নিশা প্ৰায় ১২-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে ৰিংকি তিৱাৰীয়ে।

উল্লেখ্য যে, যোৱা ১৭ জুলাইত গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত সংঘটিত হৈছিল ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ঘটনা । এটা ব্যক্তিগত ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত শিশুসহ মুঠ ৪ জন লোক গুৰুতৰ ভাৱে আহত হৈছিল। ছয় গাঁৱৰ গৰৈমাৰীৰ পৰা গুৱাহাটীলৈ ফুৰিবলৈ অহা এটা পৰিয়ালে স্ব-গৃহলৈ ঘূৰি যাবলৈ গাড়ীত উঠিবলৈ লোৱাৰ সময়তে এই বিস্ফোৰণ হৈছিল আৰু শিশুসহ চাৰিওজন আহত হয়(Guwahati Transformer Blast Victim Succumbs)।

ইয়াৰ পিছতে তেওঁলোকক ততাতৈয়াকৈ জি এম চি এইছলৈ লৈ যোৱা হৈছিল যদিও শিশুটিৰ লগতে তেওঁৰ মাতৃ ৰিংকী তিৱাৰীৰ অৱস্থা গুৰুতৰ বুলি চিকিৎসকে জানিবলৈ দিছিল। ইয়াৰে ৰিংকী তিৱাৰীয়ে মঙবাৰে নিশা ১২-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে।চিকিত্সাধীন অৱস্থাত GMCHত মৃত্যু হয় ৰিংকি তিৱাৰীৰ। ইফালে এই ঘটনাত আহত হোৱা ৰিংকী তিৱাৰীৰ ৬ বছৰীয়া কন্যা সন্তানটি জি এম চি এইছতে চিকিৎসাধীন হৈ আছে কন্যা।

মহিলাগৰাীৰ মৃত্যুৰ সন্দৰ্ভত জি এম চি এইছৰ অধ্যক্ষ ড০ অভিজিৎ শৰ্মাই কয়, ৰিংকী তিৱাৰী নামৰ ২৫ বছৰীয়া মহিলাগৰাকী ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণৰ ফলত ৬০ ৰ পৰা ৬৫ শতাংশ অগ্নিগদ্ধ অৱস্থাত আহিছিল। নিশা তেওঁৰ ১২-৩০ বজাত মৃত্যু হৈছে(Transformer Blast in Guwahati)।

লগতে পঢ়ক : One killed in wild Elephant attack in Goalpara : গোৱালপাৰাৰ লক্ষীপুৰৰ আমবাৰীত বন্যহস্তীৰ আক্ৰমণত নিহত এজন; আহত দুজন