Train Services Cancelled : ৰাজ্যত বাতিল কেইবাখনো ৰে’লৰ চলাচল লগতে কেইবাখনো ৰে’লৰ গতিপথ সলনি
নিউজ ডেস্ক, ১০ অক্টোবৰ : আজিৰে পৰা সাময়িকভাৱে বাতিল কেইবাখনো ৰে’ল লগতে কেইবাখনো ৰে’লৰ গতিপথ সলনি । আজিৰে বাহাল থাকিব এই কাৰ্যসূচী(Train Services Cancelled) ।
আজিৰে পৰা সাময়িকভাৱে বাতিল ৰে’লসমূহ হ’ল(Cancelled Trains Today List) স্থানীয় ৰে’ল নিউ বঙাইগাঁও-গুৱাহাটী পেচেঞ্জাৰ স্পেচিয়েল আজিৰে পৰা ১৭ অক্টোবৰলৈ এই কাৰ্যসূচী বাহাল থাকিব , গুৱাহাটী-নিউ বঙাইগাঁও পেচেঞ্জাৰ স্পেচিয়েল আজিৰে পৰা ১৮ অক্টোবৰলৈ, গুৱাহাটী মেন্দিপথাৰ পেচেঞ্জাৰ স্পেচিয়েল আজিৰে পৰা ১৭ অক্টোবৰলৈ আৰু মেন্দিপথাৰ-গুৱাহাটী পেচেঞ্জাৰ স্পেচিয়েল আজিৰে পৰা ১৭ অক্টোবৰলৈ বাতিল কৰা হৈছে ।
একেদৰে গুৱাহাটী-মেন্দিপথাৰ পেচেঞ্জাৰ ১১ আৰু ১৬ অক্টোবৰত, মেন্দিপথাৰ-গুৱাহাটী পেচেঞ্জাৰ ১০,১২ আৰু ১৭ অক্টোবৰত বাতিল কৰা হৈছে(kamrup Metropolitan Cancellation Trains ) ৷
আনহাতে গুৱাহাটী-ধুবুৰী এক্সপ্ৰেছ আজিৰ পৰা ১৭ অক্টোবৰলৈ, ধুবুৰী-গুৱাহাটী এক্সপ্ৰেছ ১১ অক্টোবৰৰ পৰা ১৮ অক্টোবৰলৈ, আলিপুৰদুৱাৰ-গুৱাহাটী চিফুং এক্সপ্ৰেছ ১০ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ, গুৱাহাটী-আলিপুৰদুৱাৰ চিফুং এক্সপ্ৰেছ ১০ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ, আলিপুৰদুৱাৰ-লামডিং ইন্টাৰচিটি এক্সপ্ৰেছ ১০ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ বাতিল কৰা হৈছে ৷
ইফালে, আলিপুৰদুৱাৰ-শিলঘাট টাউন ৰাজ্যৰাণী এক্সপ্ৰেছ ১১,১৩,১৫ অক্টোবৰত, শিলঘাট টাউন আলিপুৰদুৱাৰ ৰাজ্য ৰাণী এক্সপ্ৰেছ ১২,১৪,১৬ অক্টোবৰত বাতিল কৰা হৈছে ৷ নিউ বঙাইগাঁও-গুৱাহাটী ডিমু স্পেচিয়েল ১৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ, গুৱাহাটী-নিউ বঙাইগাঁও ডিমু স্পেচিয়েল ১৫ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ বাতিল কৰা হৈছে ।
ইপিনে ৯ খন ৰে’লৰ পথ সলনি কৰা হৈছে । গুৱাহাটী-হাওৰা শৰাইঘাট এক্সপ্ৰেছ, কামাখ্যা-ৰাঁচী এক্সপ্ৰেছ, সমতা ভিডি কাতৰা কামাখ্যা এক্সপ্ৰেছ গোৱালপাৰাৰ সলনি কামাখ্যা-ৰঙিয়া-নিউ বঙাইগাঁও হৈ নিজ নিজ গন্তব্যস্থললৈ যাব । আনহাতে হাওৰা-গুৱাহাটী শৰাইঘাট এক্সপ্ৰেছ, বেংগালুৰু-আগৰতলা এক্সপ্ৰেছ, ধুবুৰী-গুৱাহাটী এক্সপ্ৰেছ, সমতা ভিডি কাতৰা এক্সপ্ৰেছ কামাখ্যা এক্সপ্ৰেছ, গয়া-কামাখ্যা এক্সপ্ৰেছ গোৱালপাৰাৰ পৰিৱৰ্তে নিউ বঙাইগাঁও, ৰঙিয়া হৈ কামাখ্যা ষ্টেচনলৈ আহিব ।