Local, Vocal, Global

Train hits LPG cylinder on rail tracks in Kanpur : ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল কালিন্দী এক্সপ্ৰেছৰ শ শ যাত্ৰী

নেশ্যনেল ডেস্ক, ৯ ছেপ্টেম্বৰ : উত্তৰ প্ৰদেশৰ কানপুৰত ভয়ংকৰ ঘটনা ।এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল ভিৱানী অভিমুখী কালিন্দী এক্সপ্ৰেছ।

জানিব পৰা মতে, ভিৱানী অভিমুখী কালিন্দী এক্সপ্ৰেছ খনে আনৱাৰগঞ্জ-কাচগঞ্জ ৰে’লপথত থকা এটা গেছ চিলিণ্ডাৰত খুন্দা মাৰে । ফলত চিলিণ্ডাৰ বিস্ফোৰণ হয় ।লগে লগে ঘটনাক কেন্দ্ৰ কৰি যাত্ৰী আৰু স্থানীয় লোকসকলৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়(Attempt made to derail Kalindi Express by placing LPG cylinder on tracks)।

এই ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী আৰু ৰে’ল বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।ৰে’লপথৰ পৰা কিছু দূৰত পেট্ৰ’লৰ বটলসহ চিলিণ্ডাৰ আৰু অন্যান্য সন্দেহজনক বস্তু উদ্ধাৰ কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে জনোৱা মতে কোনো দুস্কৃতিকাৰীয়ে ৰে’লখন বগৰাই দিয়াৰ ষড়যন্ত্ৰ কৰিছিল । যাৰ বাবে দুস্কৃতিকাৰীয়ে ৰে’লপথত চিলিণ্ডাৰটো ৰাখিছিল(Train hits LPG cylinder on rail tracks in Kanpur)।

জানিব পৰা মতে, ঘটনাটো দেওবাৰে নিশা প্ৰায় ৮:৩০ বজাত সৰজাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত সংঘটিত হৈছিল । কানপুৰৰ পৰা ভিৱানীলৈ কালিন্দী এক্সপ্ৰেছ (১৪১১৭) আনৱাৰগঞ্জ-কাচগঞ্জ পথেৰে গৈ আছিল । ৰে’লখন মুন্দেৰী ক্ৰছিং পাৰ হোৱাৰ লগে লগে ৰে’লখনে এলপিজি চিলিণ্ডাৰত খুন্দা মাৰে যাৰ ফলত এক প্ৰচণ্ড শব্দ হয় আৰু চিলিণ্ডাৰটো বিস্ফোৰিত হয় । লোকো পাইলটে লগে লগে ৰে’লখন ৰখাই দিয়ে ।

ঘটনাটোৰ পিচতে ৰে’লখন প্ৰায় ২০ মিনিট ৰখাই থোৱা হৈছিল । পিচত ৰে’লখন পৰৱৰ্তী ষ্টেচনলৈ ৰাওনা হয় যদিও অনুসন্ধানৰ বাবে বিলহাউৰ ষ্টেচনত পুনৰ ৰে’লখন ৰখাই দিয়া হয় ।

লগতে পঢ়ক :Two terrorists killed in anti-infiltration operation :জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযান;নিহত দুই সন্ত্ৰাসবাদী