Train Hits a Maruti Fronx : ৰে’ল ক্র’ছিঙত অঘটন; ৰে’ল ক্ৰছিং পাৰ হ’বলৈ লওঁতেই ভয়ংকৰ দুৰ্ঘটনা
নিউজ ডেস্ক, ৪জানুৱাৰী : ৰে’ল ক্র’ছিঙত অঘটন । ৰে’ল ক্র’ছিঙ কৰিবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত চাৰিচকীয়া বাহন । চাৰিচকীয়া বাহনক মহতিয়াই নিলে ৰে’লে(Train Hits a Maruti Fronx ) ।
শিৱসাগৰ জিলাৰ শিমলুগুৰি মাউত গাঁৱত সংঘটি হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো । উন্মুক্ত ৰে’ল ক্ৰছিং পাৰ হোৱাৰ সময়তে দুৰ্ঘটনাত পতিত হয় Maruti Fronx বাহন। উজনিমুৱা ৰাজধানী এক্সপ্ৰেছে মহতিয়াই নিয়ে বাহনখনক ৷ এই দুৰ্ঘটনাত কোনোমতে প্ৰাণৰক্ষা পৰে বাহনখনৰ চালকৰ আসনত থকা কমল নামা নামৰ ব্যক্তিজনৰ ৷ জানিব পৰা মতে, কমল নামা বিচিপিএল লাকুৱাৰ কৰ্মচাৰী ৷ বৰ্তমান ডিব্ৰুগড়ৰ এখন নাৰ্ছিংহোমত চিকিৎসাধীন লোকজন(Train Hits a Four Wheeler Vehicle in Nazira)।
লগতে পঢ়ক : Dead Body Recovered : জামুগুৰিহাটত উদ্ধাৰ অচিনাক্ত মৃতদেহ