Train Collision Near Guwahati Claims Two Lives, Injures Three Workers : নাৰেংগী ৰে’ল ষ্টেচনত দ্ৰুতবেগী ৰে’লে মহতিয়াই নিলে ৫ জনকৈ শ্ৰমিকক
নিউজ ডেস্ক,১৮মে’ : গুৱাহাটীৰ বীৰকুছিত শোকাৱহ ঘটনা ৷ শনিবাৰে পুৱাই মহানগৰীৰ সমীপৰ নাৰেংগীত সংঘটিত হয় শোকাৱহ ঘটনা ।নাৰেংগী ৰে’ল ষ্টেচনত দ্ৰুতবেগী ৰে’লে মহতিয়াই নিলে ৫ জনকৈ লোকক । নামনিমুৱা দ্ৰুতবেগী ৰে’লৰ খুন্দাত নিহত দুজন শ্ৰমিক, আহত আন তিনিজন শ্ৰমিক ৷ নাৰেংগী ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো(Two Labourers Killed, Two Injured by Speeding Train in Guwahati) ।
জানিব পৰা মতে, নামনিমুৱা দ্ৰুতবেগী ৰে’লৰ খুন্দাত নিহত হোৱা লোক দুজন চাহিনুৰ ইছলাম আৰু হাফিজুল ৰহমান বুলি চিনাক্ত কৰা হৈছে । আনহাতে আহত শ্ৰমিককেইজন হৈছে জাহিৰুল ইছলাম, সদাগৰ আলী ৷ বৰ্তমানলৈ চিনাক্ত হোৱা নাই আহত এজন শ্ৰমিকক ।
ইপালে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আহত লোক কেইজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয় ।
প্ৰাপ্ত তথ্য অনুসৰি গোৱালপাৰাৰ শ্ৰমিককেইজন কাম কৰিবলৈ ৰে’লপথৰ দাঁতিৰে খোজকাঢ়ি গৈ থাকোঁতেই সংঘটিত হয় এই হৃদয় বিদাৰক ঘটনা । এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত । ৰে’ল আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে( Train Collision Near Guwahati Claims Two Lives, Injures Three Workers) ।
লগতে পঢ়ক : boy missing in Silapathar : চিলাপথাৰত সন্ধানহীন নৱম শ্ৰেণীৰ ছাত্ৰ