Tamil Nadu train collision: দুৰ্গা পূজাৰ আনন্দ উল্লাহে মাজতে তামিলনাডুত যাত্ৰীবাহী ৰে’ল আৰু মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ;আহত হয় ১৯ গৰাকীকৈ যাত্ৰী

নেশ্যনেল ডেস্ক,১২ অক্টোবৰ : দুৰ্গা পূজাৰ আনন্দ উল্লাহে মাজতে তামিলনাডুত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । শুকুৰবাৰে নিশা তামিলনাডুৰ তিৰুবল্লমত যাত্ৰীবাহী ৰে’ল আৰু মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ হয়। দুৰ্ঘটনাত পতিত মহীশূৰ-দৰভাংগা এক্সপ্ৰেছ নাৰ ৰে’ল। দুৰ্ঘটনাত আহত হয় ১৯ গৰাকীকৈ যাত্ৰী(Train collision leaves 19 injured in Tamil Nadu) ।
জানিব পৰা মতে, দক্ষিণ ৰে’লৱেৰ চেন্নাই বিভাগৰ অন্তৰ্গত তামিলনাডুৰ তিৰুভাল্লুৰৰ কাভাৰাইপ্পেট্টাই ৰে’ল ষ্টেচনত মালবাহী ৰে’লত খুন্দা মাৰে মহীশূৰ-দৰভাঙ্গা বাগমতী এক্সপ্ৰেছ ৰে’লখনে (ৰেল নং ১২৫৭৮) । এই দুৰ্ঘটনা ১৯ গৰাকী যাত্ৰী আহত হয়(Tamil Nadu train collision)।
দক্ষিণ ৰে’লৱেৰ মহা প্ৰবন্ধক আৰ এন সিঙে ঘটনা সন্দৰ্ভত জনোৱা অনুসৰি, মহীশূৰ-দৰভাঙ্গা বাগমতী এক্সপ্ৰেছ ৰে’লখনে ভুলবশতঃ মালবাহী ৰে’লখন ৰখা লুপ লাইনত প্ৰৱেশ কৰিছিল । ফলত দুয়োখন ৰে’লৰে সংঘৰ্ষ হয় । ৰে’লখন গুদুৰ অভিমুখে গৈ আছিল(Tamil Nadu Train Accident)।
মহা প্ৰবন্ধকগৰাকীয়ে কয়,”এই ৰে’লখন মূল লাইনৰ মাজেৰে পাৰ হৈ যোৱাৰ কথা আছিল, কিয়নো এই ষ্টেচনত কোনো নিৰ্ধাৰিত ষ্টপ নাই । আনকি মূল লাইনৰ বাবে সংকেতো দিয়া হৈছিল । অৱশ্যে এয়া অস্বাভাৱিক আছিল যে মুখ্য লাইনৰ বাবে সংকেত থকা স্বত্বেও, ৰে’লখন লুপ লাইনত প্ৰৱেশ কৰিছিল য’ত মালবাহী ৰে’লখন ৰখাই থোৱা আছিল ।” ৰে’লখনে মালবাহী ৰে’লখনক পিছফালৰ পৰা খুন্দা মাৰে । যাৰ ফলত ১২ টা ডবাসহ ইঞ্জিনটো লাইনচ্যুত হয় ।
সৌভাগ্যক্ৰমে, লোকো পাইলট আৰু সহকাৰী লোকো পাইলট দুয়োগৰাকী ৰক্ষা পৰে । মহা প্ৰবন্ধকৰ মতে তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰা হ’ব । তাৰ পিছত ব্যৱস্থা গ্ৰহণ কৰা হ’ব । তেওঁ জনোৱা মতে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ৰে’লৱে, অগ্নি নিৰ্বাপক বিভাগ, ৰে’ল আৰক্ষী আৰু ৰাজ্যিক আৰক্ষীৰ উদ্ধাৰকাৰী দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় । একেদৰে এম্বুলেন্স আৰু ৰে’ল চিকিৎসকৰ লগতে জ্যেষ্ঠ বিষয়াসকলো তাত উপস্থিত হয় । ঘটনাটো পোনেৰী আৰু কাভাৰাইপ্পাই ৰে’ল ষ্টেচনৰ মাজৰ চেন্নাই-গুডুৰ শাখাত নিশা প্ৰায় ৮:৩০ বজাত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে ।
তিৰুভাল্লুৰৰ জিলা উপায়ুক্ত টি প্ৰভুশংকৰে দুৰ্ঘটনা সন্দৰ্ভত কয়, “যাত্ৰীবাহী ৰে’লখন আৰু এখন মালবাহী ৰে’লৰ সংঘৰ্ষ হৈছিল । ৰে’লখনত প্ৰায় ১,৩৬০ গৰাকী যাত্ৰী আছিল । দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে আমাক নিৰ্দেশ দিছে যে উদ্ধাৰ অভিযান পলম হ’ব নালাগে । তেওঁৰ নিৰ্দেশ অনুসৰণ কৰি, আমি সকলো যাত্ৰীক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ সক্ষম হৈছো ।”
দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । জিলা প্ৰশাসনক এই ক্ষেত্ৰত তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়ে । আহতসকলক হাস্পতাললৈ লৈ যোৱা আৰু বাকী যাত্ৰীসকলৰ বাবে খাদ্য আৰু গন্তব্য স্থানলৈ যোৱাৰ সুবিধা কৰিবলৈ পৃথক দলে কাম কৰিছে বুলি তেওঁ এক্সৰ এটা পোষ্টত উল্লেখ কৰে।
লগতে পঢ়ক : Road Accident In Narayanapur: পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত খুন্দা বাইক আৰু স্কুটাৰৰ;আহত ২ যুৱক