Train Accident in Karimganj : দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন

কৰিমগঞ্জ,৯জুন : কৰিমগঞ্জৰ চৰগোলাত ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে মাজনিশা প্ৰায় ২.৩০ বজাত কৰিমগঞ্জৰ চৰগোলাত দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ।
TR 01 AV 1758 নম্বৰৰ ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা ট্ৰাকৰ সৈতে কৰিমগঞ্জ চহৰ অভিমুখে গৈ থকা AS 01 PC 8585 নম্বৰৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ হয় । ফলত এজন লোক নিহত হয় । নিহত লোকজন শংকৰ দাস বুলি জানিব পৰা গৈছে(Train Accident in Karimganj) ।
ইফালে এই ভয়ংকৰ দুৰ্ঘঠনাটো সংঘটিত হোৱাৰ পিছেত AS 01 PC 8585 নম্বৰৰ বাহনৰ খনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।
এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীক ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয লৈ প্ৰৰেণ কৰি ঘটনা সন্দৰ্ভত তদন্থ আৰম্ভ কৰে ।
লগতে পঢ়ক : Mysterious death of college student : কলেজীয়া ছাত্ৰীৰ ৰহস্যজনক মৃত্যু; হত্যা নে আত্মহত্যা