Local, Vocal, Global

শোকাৱহ পথ দুৰ্ঘটনা!তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে স্কুটি আৰোহীক…

ডিজিটেল ডেস্ক :-উত্তৰ প্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা।তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে স্কুটী আৰোহীক।উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।এখন ট্ৰাকে স্কুটীৰখনক খুন্দা মাৰি প্ৰায় ৫০০ মিটাৰ লৈ মহতিয়াই নিয়ে। আৰক্ষীয়ে জনোৱা অনুসৰি, শুক্ৰবাৰে নিশা কাটৰা অভাৰব্ৰীজৰ ওচৰত এই বিধ্বংসী ঘটনাটো সংঘটিত হয়।দুৰ্ঘটনাটো এটা শিশুসহ তিনিজন লোক নিহত হয়।

জানিব পৰা মতে কাটৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত লালপুৰ গাঁৱৰ বাসিন্দ ৰামদিন তেওঁৰ ভগ্নী সুৰজ দেৱী আৰু তিনিবছৰীয়া ভতিজা লগত স্কুটিৰে ঘৰলৈ গৈ আছিল।সেই সময়তে পিছফালৰ পৰা এখন ট্ৰাকে তেওঁলোকক খুন্দা মাৰে।খুন্দাক ফলত ট্ৰাকৰ তলত সোমাই যায় আৰু প্ৰায় ৫০০মহতিয়াই লৈ যায়।পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আৰক্ষী কৰ্মীয়ে তিনিওজনক চিকিৎসাৰ বাবে বৰেলী চিকিৎসালয়লৈ প্ৰেৰণ কৰে, য’ত চিকিৎসকে তেওঁলোকক মৃত বুলি ঘোষণা কৰে।আৰক্ষীয়ে লগতে কয় যে মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে, আৰু লগতে কয় যে ট্ৰাক চালকজনে তেওঁৰ বাহনখন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।