Local, Vocal, Global

Tragic Road Accident in Tinsukia : বলেৰ’ পিকআপ বাহনৰ খুন্দাত নিহত দশম শ্ৰেণীৰ ছাত্ৰ

নিউজ ডেস্ক,২৪জুলাই : বলেৰ’ পিকআপ বাহনৰ খুন্দাত নিহত দশম শ্ৰেণীৰ ছাত্ৰ ।

তিনিচুকীয়া জিলাৰ শদিয়াৰ চপাখোৱাত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা । বুধবাৰে শদিয়াৰ ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তথা চপাখোৱাস্থিত ৰাজ কিড্‌ছ ফাউণ্ডেচন স্কুলৰ সমীপত বলেৰ’ পিকআপ আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত থিতাতে নিহত হয় এজন ছাত্ৰ । নিহত ছাত্ৰজন চপাখোৱাৰ লাচিত নগৰৰ পৱিত্ৰ কোঁৱৰৰ পুত্ৰ ৰবি কোঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰজন । ছাত্ৰগৰাকী শদিয়া ছেণ্ট থমাছ হাইস্কুলৰ ছাত্ৰ আছিল ।

জানিব পৰা মতে, গ্ৰীষ্মকালীন বন্ধত বিদ্যালয়ত হৈ থকা বিশেষ পাঠগ্ৰহণ কৰিবলৈ বিদ্যালয়লৈ গৈছিল নিহত ছাত্ৰজন । সেই সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Tragic Road Accident in Tinsukia ) ।

এই দুৰ্ঘটনাটোত এজন ছাত্ৰ নিহত হোৱাৰ লগতে আন কেইবাগৰাকীও শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হয় । পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীসকলক শদিয়া মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰথমে ভৰ্তি কৰাই যদিও পিচত উন্নত চিকিৎসাৰ বাবে শদিয়াৰ পৰা তিনিচুকীয়ালৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Fire breaks out on Tripura Sundari Express : ফিৰোজপুৰৰ পৰা আগৰতলা অভিমুখী ৰে’লত অগ্নিকাণ্ড