Tragic Road Accident in Tezpur : তেজপুৰ মেডিকেল কলেজৰ কাষত দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ
নিউজ ডেস্ক, ২০মাৰ্চ : তেজপুৰ মেডিকেল কলেজত ভয়ংকৰ ঘটনা । দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ।বুধবাৰে পুৱাই তেজপুৰ মেডিকেল কলেজৰ কাষত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো(Tragic Road Accident in Tezpur)।
জানিব পৰা মতে, তেজপুৰৰ পৰা মঙলদৈ অভিমুখী আৰু মঙলদৈৰ পৰা তেজপুৰ অভিমুখী গৈ থকা দুখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। মালবাহী ট্ৰাকৰ সংঘৰ্ষৰ ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজটৰ সৃষ্টি হয়। কিছু সময়ৰ বাবে বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ। ইফালে দুৰ্ঘটনাৰ পাছতে ট্ৰাকতে বহু সময় আৱদ্ধ হৈ থাকে দুয়োখন ট্ৰাকৰ চালক(Tragic Road Accident)।
যানবাহন আৰক্ষীয়ে তিনিখন হাইড্ৰলিক ব্যৱহাৰ কৰি ট্ৰাকৰ অংশ কাটিহে উদ্ধাৰ কৰে দুয়োজনকে। ইয়াৰ পিছতে গুৰুতৰভাৱে আহত দুয়ো চালককে তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাগ্ৰস্ত ট্ৰাক দুখনৰ নম্বৰ AS 25BC 4106 আৰু AP 27TX 5599 ।