চামগুৰিত শোকাৱহ পথ দূৰ্ঘটনা- থিতাতে নিহত বাইক আৰোহী

নিউজ ডেস্ক,১৪ মাৰ্চঃ চামগুৰিৰ ৰঙাগড়াত সংঘটিত শোকাবহ পথ দূৰ্ঘটনা। এই দূৰ্ঘটনাত থিতাতে নিহত এজন বাইক আৰোহী আৰু গুৰুতৰভাৱে আহত এজন।
থিতাতে নিহত বাইক আৰোহীজন চামগুৰি আমনিৰ শুভম বিশ্বকৰ্মা। আনহাতে গুৰুতৰভাৱে আহত যুৱকজন টংলাৰ দীপক গৌৰ বুলি জানিব পৰা গৈছে।
নিৰ্মিয়মান চাৰিলেনযুক্ত ৰাজপথৰ ওপৰত সাংকেতিক চিহ্ন বিহীনভাৱে পেলাই থোৱা শিলগুটিৰ দ’মত বাইকেৰে খুন্দা মৰাত সংঘটিত হয় দূৰ্ঘটনাতো।
দূৰ্ঘটনটোক কেন্দ্ৰ কৰি ৰঙাগড়াত নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ, ক্ষুব্ধ ৰাইজে অৱৰোধ কৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। চাৰিলেনযুক্ত ৰাজপথ নিৰ্মাণ কোম্পানী “ছিম্পেক্স”ৰ দায়িত্বজ্ঞানহীনতাৰ বাবে অঞ্চলটোত বহুকেইটা
শোকাবহ পথ দূৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ কৰে ৰাইজে।
কেইবা ঘণ্টা ধৰি নিশা ৰাজপথত আবদ্ধ হৈ থাকে সহস্ৰাধিক যান-বাহন। আহত দীপক গৌৰক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ কৰে।
ঘটনাস্থলীত চামগুৰি আৰক্ষীৰ এটা বৃহৎ দল আৰু চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।