Local, Vocal, Global

Tragic Road Accident in Rangapara : শোকাৱহ পথ দুৰ্ঘটনাত, মৃত্যু ভাতৃ-ভগ্নীৰ

নিউজ ডেস্ক, ২৪মাৰ্চ : ৰঙৰ উৎসৱ ৰঙালীৰ আনন্দ উল্লাহৰ মাজতে ৰঙাপৰাত ভয়ংকৰ ঘটনা(Tragic Road Accident in Rangapara) ।

দেওবাৰে ৰঙাপৰাত বাইক আৰু বলেৰো পিক আপ বাহনৰ মাজত মুখামুখী সংঘৰ্ষ । ফলত থিতাতে নিহত ভাতৃ-ভগ্নী,আহত হয় এটি কিশোৰ ।

জানিব পৰা মতে, AS12-Q-9974 নম্বৰৰ বাইকেৰে গৈ থকা অৱস্থাত AS12-AC-1891 নম্বৰৰ বলেৰো পিক আপ বাহনখনে প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে বাইকখনত ফলত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো ।

ৰঙাপৰাৰ বৰজুলি চাহ বাগিচাৰ কলঘৰৰ সমীপতে সংঘটি হয় দুৰ্ঘটনাটো(Tragic Road Accident in Rangapara) ।

এই শোকাৱহ দুৰ্ঘটনাত নিহত ভাতৃ-ভগ্নী অমিৰ কানাহাৰ আৰু মইনী ভুমিজ। অমিৰৰ ঘৰ সোনাজুলি গ্ৰান্টৰ ১০ নম্বৰ লাইনত আৰু মাইনীৰ ঘৰ অৰুণাচল প্ৰদেশৰ চেপ্পাত বুলি জানিব পৰা গৈছে ।

ভাতৃয়ে ভগ্নী আৰু ভাগিনক বাইকত লৈ ৰঙাপাৰা চহৰৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয় ।

এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলবাসী শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক : Congress MLA Bharat Narah resigns as chairman of media cell : APCC ৰ মিডিয়া কোষৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ ভৰত নৰহৰ