Local, Vocal, Global

Tragic road accident in Numaligarh : নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা তীব্ৰবেগী বাহনৰ;থিতাতে মৃত্যু ৩ জনৰ, এজন আহত

নিউজ ডেস্ক,৬অক্টোবৰ : নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। শনিবাৰে নিশা নুমলীগড়ৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাবাথানৰ কাষত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে তীব্ৰবেগী বাহনে। AS19P9506 নম্বৰৰ এখন টাটা TIAGO বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে ফলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Tragic road accident in Numaligarh)।

ফলত থিতাতে নিহত বাহনখনত থকা ৩ আৰোহী। আহত দুজন । নিহত লোককেইজন ক্ৰমে অভিযন্তাদ্বয় নগাঁৱৰ দেৱজিৎ বৰদলৈ, জাগীৰোডৰ পাৰ্থ প্ৰতীম বাংথা আৰু মৰঙিৰ ঠিকাদাৰ বিৰিঞ্চি বৰা বুলি জানিব পৰা গৈছে। নিহত আটাইকেইজন NRLৰ ঠিকা প্ৰতিষ্ঠানৰ অভিযন্তা, ঠিকাদাৰ।

ইফালে গুৰুতৰভাৱে আহত হয় ভৃগু শৰ্মা, কল্পজ্যোতি শইকীয়া। বাবা থানৰ সমীপত নিশা সংঘটিত হয় এই দুৰ্ঘটনা।

লগতে পঢ়ক : Sensational incident : পুখুৰীৰ পৰা উদ্ধাৰ মৃতদেহসহ বাহন