Local, Vocal, Global

নুমলীগড়ত শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ৬ জুলাই : ৰাজ্যত পুনৰ সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা ।

বুধবাৰে অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱায়।

খবৰ অনুসৰি, চাইকেল চলাই গৈ থকা সুৰেন দাস নামৰ ব্যক্তিজনক পিছফালৰ পৰা ডাম্পাৰে খুন্দা মাৰিছিল। আৰু তাৰ ফলত ব্যক্তিজনৰ ঘটনাস্থলীতে মৃত্যু হৈছিল।

উল্লেখ্য যে, ডাম্পাৰ খনে চাইকেল আৰোহীজনক খুন্দা মৰাৰ পিছত এখন চাৰিচকীয়া বাহনকো খুন্দা মাৰিছিল। কিন্তু বাহনখনত যাত্ৰা কৰা যাত্ৰীসকলে ডাম্পাৰৰ খুন্দা গুৰুত্ব নিদি তাৰ পৰা আঁতৰি গৈছিল ।

আনহাতে, ঘটনা সন্দৰ্ভত নুমলীগড় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। আৰু ডাম্পাৰ খনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 01 LC 9221 ।