Local, Vocal, Global

Tragic Road Accident in Nalbari : যাত্ৰীবাহী টেম্পো আৰু সামগ্ৰী কঢ়িওৱা বাহন মাজত মুখামুখী সংঘৰ্ষ,আহত ৫জন

নিউজ ডেস্ক, ২৩ মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । আহত ৫জনকৈ লোক ।

শনিবাৰে পুৱা নলবাৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা(Tragic Road Accident in Nalbari)।

নলবাৰীৰ শনি ৰোড চ’কত সামগ্ৰী কঢ়িওৱা বাহন আৰু টেম্পোৰ মাজত মুখামুখী সংঘৰ্ষ হয়।ফলত যাত্ৰীবাহী টেম্পোখনত থকা ৫জন লোক গুৰুতৰভাৱে আহত হয় ।

জানিব পৰা মতে, নিৰ্মিয়মান বৃন্দাবন ৰিজ’ৰ্টৰ সন্মুখত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো(Tragic Road Accident in Nalbari)।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ততাতৈয়াকৈ আহতসকলক উদ্ধাৰ কৰি নলবাৰী মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰে।

দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীবাহী টেম্পোখনৰ নম্বৰ এ এছ ১৪ এ চি ০৬৫৫ আৰু সামগ্ৰী কঢ়িওৱা মেজিক বাহনখনৰ নম্বৰ এ এছ ০১ আৰ চি ৪৪৩০ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Rhino Found Dead With Horn Removed : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ গঁড়ৰ মৃতদেহ