মঙ্গলদৈত শোকাৱহ পথ দূৰ্ঘটনা- থিতাতে নিহত ১জন
নিউজ ডেস্ক,৮ মাৰ্চঃ মঙ্গলদৈ চহৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাবহ পথ দূৰ্ঘটনা। এই দূৰ্ঘটনাত থিতাতে নিহত হয় এজন। ট্ৰাকে মহতিয়াই লৈ যায় এজন বাইক আৰোহীক। নিহত লোকজন মঙ্গলদৈ তিয়াঝাৰৰ অতুল চন্দ্ৰ নাথ।
ট্ৰাকখন তেজপুৰ অভিমুখে গৈ থকা অৱস্থাত মঙ্গলদৈ চহৰৰ গালৰ্চ পইণ্টত মহতিয়াই লৈ যায় বাইক আৰোহীজনক। দূৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS01 AC7374 আৰু বাইকখনৰ নম্বৰ AS13 J8914 । নিহত অতুল চন্দ্ৰ নাথ মঙ্গলদৈ SRD Group-ৰ ৰিপোজত কৰ্মৰত আছিল।