Local, Vocal, Global

Tragic Road Accident in Karimganj : অট’ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ৫জন,আহত এজন

নিউজ ডেস্ক,২৩জুলাই : এক মৰ্মান্তিক দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত ৫জনকৈ লোক ।

কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সংযোগী ৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

মঙলবাৰে কৰিমগঞ্জ জিলাৰ নিলামবজাৰ থানা এলাকাৰ বেৰাজালত এখন অট’ৰিক্সা আৰু এখন হুণ্ডাই ভেনু গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত দুয়োখন বাহন বাগৰি পৰে পথৰ দাঁতিত থকা পথাৰত।ফলত বাহনখনত থকা ৫জন লোক থিতাতে নিহত আৰু আহত হয় এজন । দুৰ্ঘটনাগ্ৰস্ত অট’ৰিক্সাখনৰ নম্বৰ AS 10BC 2061 আৰু ভেনু গাড়ীখনৰ নম্বৰ AS 11S 8323(Tragic Road Accident in Karimganj)।

ইফালে এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত নিলামবজাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

লগতে পঢ়ক : Dead body recovered in Guwahati : শোৱা পাতিত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ