Tragic Road Accident in Kaliabor : বলে’ৰ বাহনে মহতিয়াই নিলে ই-ৰিক্সাক;নিহত কনমানি শিশু,আহত ৫গৰাকী যাত্ৰী
কলিয়াবৰ,৬আগষ্ট : কলিয়াবৰ আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা । বলে’ৰ বাহনে মহতিয়াই নিলে ই-ৰিক্সাক। ফলত থিতাতে নিহত কনমানি শিশু । আহত ৫গৰাকী যাত্ৰী ।
আহত লোককেইজনক বৰ্তমান সংকটজনক অৱস্থাত তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে(Tragic Road Accident in Kaliabor)।
জানিব পৰা মতে, আমবাগানৰ পৰা ভাটিয়াখালিলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দূৰ্ঘটনাটো।এই দূৰ্ঘটনা সংঘটিত কৰি পলায়ন ব’লেৰ বাহনখন।
দুৰ্ঘটনা আহত ব্যক্তি কেইজন ক্ৰমে ৰূপহীহাট আৰক্ষী চকীৰ অন্তৰ্গত মাগুৰমাৰিৰ ১৬বছৰীয়া জীয়াউৰ ইছলাম, নাজিয়া বেগম (৩)বছৰ, ৩৪বছৰীয়া চুলতানা খাতুন,২২বছৰীয়া হাফিছা খাতুন,১৪বছৰীয়া মুছিকুল ইছলাম আনজন জাহাৱাৰা বেগম বুলি জানিব পৰা গৈছে ।
আমবাগান আৰক্ষীৰ সহযোগত দূৰ্ঘটনাত পতীত হোৱা লোকসকলক কলিয়াবৰ মহকুমা চিকিৎসালয়ত পেৰন কৰে যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ পেৰণ কৰে(Tragic Road Accident in Kaliabor) ।