Local, Vocal, Global

Tragic Road Accident in Kaliabor : যাত্ৰীবাহী নামবৰ চুপাৰ আৰু কিয়া বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰী : যাত্ৰীবাহী নামবৰ চুপাৰ আৰু কিয়া বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ । আহত তিনিজনকৈ লোক(Tragic Road Accident) ।

কলিয়াবৰৰ হাৰমতীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ।যাত্ৰীবাহী নামবৰ চুপাৰ আৰু কিয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ।

জানিব পৰা মতে, নিয়ন্ত্ৰণ হেৰুৱাই কিয়া বাহনে চুপাৰত খুন্দা মাৰে ।ফলত তিনিজনকৈ লোক আহত হয় ৷ আহত লোকসকলক ততাতৈয়াকৈ জখলাবন্ধা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও ক্যিয়া বাহনৰ এজনৰ অৱস্থা সংকটজনক । কথমপি প্ৰাণৰক্ষা চুপাৰখনৰ যাত্ৰীৰ(Tragic Road Accident in Kaliabor) ।

উল্লেখ্য যে, চুপাৰখন গোলাঘাটৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল আৰু ক্যিয়া বাহনখন নগাঁৱৰ পৰা যোৰহাট দিশে গৈ আছিল । দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS 05AC 1600 আৰু ক্যিয়া বাহনখনৰ নম্বৰ AS 01EY 6665 বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : One person killed after being hit by an Ambulance : ভাৰতীয় সেনাৰ এম্বুলেন্সৰ খুন্দাত নিহত এজ