Local, Vocal, Global

Tragic Road Accident : জোনাইত ডাম্পাৰৰ দৌৰাত্ম্যক; ডাম্পাৰৰ খুন্দাত নিহত দুজনকৈ যুৱক

নিউজ ডেস্ক, ১৩ মাৰ্চ : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য । একাংশ উদণ্ড ডাম্পাৰ চালকৰ বাবে ৰাজ্যত নিতৌ সংঘটিত হৈ আহিছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ডাম্পাৰৰ ভয়ত এতিয়া পথলৈ ওলাই আহিবলৈ ভয় কৰা হৈছে সাধাৰণ লোকে ।এই ডাম্পাৰৰ বাবে সংঘটিত হৈ অহা পথ দুৰ্ঘটনাই দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে(Road Accident)।

ডাম্পাৰৰ দৌৰাত্ম্যই অতিষ্ঠ কৰি তুলিছে পথচাৰীৰ লগতে পথৰ কাষত বসবাস কৰি অহা আৱাসিকলক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰাই অধিকাংশ ডাম্পাৰে দৌৰাত্ম্য অব্যাহত ৰখাৰ পিছতো ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আহিছে পৰিবহণ বিভাগৰ লগতে প্ৰশাসনে(Tragic Road Accident)।

এইবাৰ জোনাইত ডাম্পাৰৰ দৌৰাত্ম্যক । মঙলবাৰে নিশা জোনাইৰ লক্ষীপুৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা । তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত দুজনকৈ যুৱক। নিহত যুৱকদ্বয় কাংকান নগৰৰ আকাশ দলে আৰু কেনিন পাংগিং বুলি জানিব পৰা গৈছে(Tragic Road Accident in Jonai) ।

লগতে পঢ়ক : youth injured in Leopard attack : যোৰহাটৰ ললিতি চাপৰিত নাহৰফুটুকীৰ সন্ত্ৰাস; নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন যুৱক