Tragic road accident in Golaghat: দুৰ্ঘটনাত পতিত হ’ল বিবাহযাত্ৰী বাহন;আহত ৬জন

নিউজ ডেস্ক,২৫জানুৱাৰী : দুৰ্ঘটনাত পতিত হ’ল বিবাহযাত্ৰীৰ বাহন। আহত ৬জন ।
গোলাঘাটৰ মৰঙিত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। i20 বিবাহযাত্ৰী বাহন আৰু বালিভৰ্তি ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় ৬জনৰো অধিক লোক(Tragic road accident in Golaghat)।
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত আটাইকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
জানিব পৰা মতে, কমাৰগাঁৱত কইনা থৈ উভতি আহিছিল i20 বাহনখন। সেই সময়তে ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয় বাহনখনৰ। দুৰ্ঘটনাত পতিত i20 বাহনখনৰ নম্বৰ AS 05J 7888।
লগতে পঢ়ক :Sexual Assault Of Minor Patient At GMCH :ৰহস্যৰ আৱৰ্তত GMCHত কিশোৰী ধৰ্ষণৰ গোচৰ