Local, Vocal, Global

Tragic Road Accident in Gaurisagar : নিয়ন্ত্ৰণ হেৰুৱাই নৈশ বাছ সোমাল খালত

নিউজ ডেস্ক, ২২ ফেব্ৰুৱাৰী : ভয়ংকৰ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই নৈশ বাছ সোমাল খালত(Tragic Road Accident in Gaurisagar) ।

গৌৰীসাগৰ সোণতলিছিগাত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো । বুধবাৰে নিশা নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত হয়।

জানিব পৰা মতে,নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী বাছখনে খালত পৰে। দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে ৩০জনৰো অধিক যাত্ৰীৰ । অৱশ্যে, কেইজনমান যাত্ৰী সামান্য পৰিমাণে আহত হয় । আহত বাছ যাত্ৰীকেইগৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

যাত্ৰীবাহী বাছখন গুৱাহাটীৰ পৰা শিৱসাগৰ অভিমুখে যাত্ৰা কৰি আছিল আৰু সেই সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ খালত সোমাই যায়। যাত্ৰীবাহী বাছখন AS 06B C5125 নম্বৰৰ আছিল(Tragic Road Accident in Gaurisagar)।

লগতে পঢ়ক : New Born Baby Rescued in Jorhat : পাষাণ লোকৰ নিকৃষ্ট কাণ্ড !ককিলা মুখ মথাউৰিৰ সমিপত উদ্ধাৰ নৱজাতক