Tragic Road Accident in Duliajan : হোলীৰ আনন্দ উল্লাহৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত এজন, আহত দুজন

নিউজ ডেস্ক, ২৬মাৰ্চ : হোলীৰ আনন্দ উল্লাহৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা ।
সোমবাৰে নিশা দুলীয়াজানত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা(Tragic Road Accident in Duliajan) ।
জানিব পৰা মতে, সোমবাৰে ভাদৈৰ পাঁচ আলিৰ শান্তি চাহ বাগিচাৰ সমীপত দুখন বাইকৰ মাজৰ মুখামুখি সংঘৰ্ষ হয় ফলত থিতাতে নিহত হয় এজন ।
নিহত লোকজন ভাদৈ পাঁচআলিৰ ৩নং চপাতলী অঞ্চলৰ চন্দন শৰ্মা বুলি জানিব পৰা গৈছে ।
ইফালে এই ভয়ংকৰ দুৰ্ঘটনাত আহত হোৱা লোক দুজন মন্দিপ লাহন আৰু অজয় হেমৰমক বুলি চিনাক্ত কৰা হৈছে