Local, Vocal, Global

Tragic Road Accident in Dhakuakhana : তীব্ৰবেগী স্কুটীৰ খুন্দাত নিহত পথচাৰী

নিউজ ডেস্ক,২৭জুলাই : এক মৰ্মান্তিক দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত এজন ।

ঘটনাৰ বিৱৰণী অনুসৰি ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত খজুৱা-মাজুলী লোকনিৰ্মাণ পথৰে এ এছ ০৭ আৰ ৭৬১২ নম্বৰৰ এখন স্কুটী লৈ আহি আছিল লাটিবৰচুক গাঁৱৰ বিদ্যুত দলে(১৭) ।

এনেতে ঢোলপেটা কেকুৰীত অংশত তীব্ৰ বেগত অহা স্কুটীখনে সোনাৰী চাপৰি অভিমুখে আহি ঢোলপেটা গাঁৱৰ হীৰেণ বুঢ়াগোহাঁই(৫৬) নামৰ ব্যক্তিজনক খুন্দা মাৰে ফলত থিতাতে মৃত্যু হয় লোকজনৰ । আত্মীয়ই মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে লোকজনক ।
আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা স্কুটীখন জব্দ কৰি মৃতকৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে(Tragic Road Accident in Dhakuakhana)।

উল্লেখযোগ্য যে কেকুৰীৰ লাটিবৰচুক গাঁৱৰ বিদ্যুত দলে নামৰ কিশোৰজন সোনাৰী চাপৰিৰ ‘গুডউইল একাডেমী’ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ। নিৰীহ ব্যক্তিজনৰ অকাল বিয়োগত সমগ্ৰ সোনাৰী চাপৰি অঞ্চলত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক :Three-storey building collapses in Mumbai : ভাঙি পৰিল তিনিমহলীয়া অট্টালিকা; ধ্বংসাৱশেষত আৱদ্ধ লোক