Tragic Road Accident : স্কুটী আৰু মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত এজন

নিউজ ডেস্ক, ২০মাৰ্চ : ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত এজন(Tragic Road Accident) ।
চৰাইদেউত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । মঙলবাৰে নিশা চৰাইদেউৰ সাপেখাতীত স্কুটী আৰু মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এজন। নিহত যুৱকজনক দ্বীপ গগৈ (২৮) বুলি চিনাক্ত কৰা হৈছে ৷ সাপেখাতীৰ গৰীয়াছিঙা তিনিআলিত সংঘটিত হয় এই দুৰ্ঘটনাটো(Tragic Road Accident in Charaideo) ৷
আনহাতে, এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত কৰা দুই বাইক আৰোহীক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন ব্যক্তি দুজন শোণিত বৰুৱা আৰু বিশ্বজিৎ গগৈ বুলি চিনাক্ত কৰা হৈছে ৷