Local, Vocal, Global

কাছাৰত শোকাৱহ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ২১ আগষ্ট : দেওবাৰে অসমৰ কাছাৰ জিলাত সংঘটিত এক ডাঙৰ পথ দুৰ্ঘটনাত চাৰিজন লোক ঘটনাস্থলীত নিহত হয়।

খবৰ অনুসৰি, কাছাৰৰ কাটিগাৰা অঞ্চলৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ডাম্পাৰ ট্ৰাক আৰু এখন টেম্পোৰ মুখামুখি সংঘৰ্ষ হয়।

মৃত লোকসকলক ৰাজেন দাস, য়াছিন আলী, বিলাল আহমেদ আৰু চেলিম উদ্দিন বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাটোত আন কেইবাজনো লোক আহত হৈছিল। আহতসকলক অধিক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰাৱা হৈছে।