Local, Vocal, Global

Tragic Road Accident in Bongaigaon : ৰৈ থকা মালবাহী ট্ৰাকত খুন্দা যাত্ৰীবাহী বাছৰ,নিহত ১জন,আহত ১৫জন যাত্ৰী

নিউজ ডেস্ক,২৭জুলাই : এক মৰ্মান্তিক দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত এজন ।আহত ১৫জনকৈ যাত্ৰী ।

বঙাইগাঁৱৰ শিঙিমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ।শনিবাৰে বঙাইগাঁও জিলাৰ শিঙিমাৰীত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকত খুন্দা মাৰে যাত্ৰীবাহী বাছে(Tragic Road Accident in Bongaigaon)।

জানিব পৰা মতে, বঙাইগাঁওৰ পৰা গোৱালপাৰা অভিমুখে তীব্ৰগতিত গৈ থকা AS19C 8169 নম্বৰৰ যাত্ৰীবাহী বাছে প্ৰচণ্ড জোৰত খুন্দিয়াই পথত ৰৈ থকা WB 41k 1123 নম্বৰৰ মালবাহী ট্ৰাকত। ফলত থিতাতে নিহত ১জন আৰু গুৰুতৰভাৱে আহত ১৫ জন যাত্ৰী । আহত সকলৰ ভিতৰত ২ জন অৱস্থা অতি সংকটজনক ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত আহত লোসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয় লৈ প্ৰেৰণ কৰে(Tragic Road Accident in Bongaigaon)।

লগতে পঢ়ক : Locusts attack crops in Majuli : মাজুলীৰ শ-শ কৃষকৰ মাজত হাহাকাৰ