Local, Vocal, Global

Tragic Road Accident in Boko : বকোৰ শিংৰা শালনিত শোকাৱহ দুৰ্ঘটনা; নিহত এজন

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : শোকাৱহ দুৰ্ঘটনা ।ৰখাই থোৱা ট্ৰাকত খুন্দা হোণ্ডা বাহনৰ ফলত নিহত এজন ।

বকোৰ শিংৰা শালনিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা মেঘালয়ৰ তুৰা অভিমুখে গৈ থকা অৱস্থাত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে এখন হোণ্ডা বাহনে ফলত গুৰুতৰভাবে আহত হয় চনমে চাংমা আৰু আংশিকভাৱে আঘাতপ্ৰাপ্ত হয় হেনৰি চাংমা (Tragic Road Accident in Boko) ৷

এই ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষী আৰু আঘাতপ্ৰাপ্ত দম্পতীক উদ্ধাৰ কৰি বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায় ৷ কিন্ত আহত লোক এজনৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়(Tragic Road Accident) ।

জানিব পৰা মতে, চনমে চাংমা শুকুবাৰে পুৱতি নিশা প্ৰায় ৩.৪৫ বজাত গুৱাহাটীৰ লখৰাস্থিত ক্ৰিটিকেল কেয়াৰ হাস্পতালৰ আই চি ইউত শেষ নিশ্বাস ত্যাগ কৰে । নিহত চনমে চাংমাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছ লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে বকো আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । চিমেন্ট কঢ়িয়াই গুৱাহাটীৰ পৰা বকো অভিমুখে ট্ৰাকখন আহিছিল বুলি ট্ৰাক চালকে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, চনমে চাংমা ‘মেঘালয় শক্তি নিগম লিমিটেড’ ৰ এগৰাকী অভিযন্তা আৰু তেখেতৰ স্বামী হেনৰি চাংমাও মেঘালয় নগৰ উন্নয়ন বিভাগৰ এগৰাকী অভিযন্তা আছিল ।

লগতে পঢ়ক : 2 Missing Mariani Girls Rescued in Bihar : বিহাৰত উদ্ধাৰ মৰিয়নীৰ পৰা নিৰুদ্দেশ হোৱা দুই ছাত্ৰী